পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হুমায়ুন আৰু ছেৰ ছাহ পাৰ্চী ভাষাত ভালেমান সুললিত কবিতা লিখিছিল। তেওঁ সঙ্গীতত পটু আছিল। তেওঁৰ লিখিত আত্মজীৱনী এখন উকুত্ত গ্রন্থ। হুমায়ুন আৰু ছেৰ ছাহ। বাবৰৰ মৃত্যুৰ পিছত ১৫৩০ খৃঃত হুমায়ুন ৰজা হয়। হুমায়ুন ৰজা হৈয়ে পিতৃৰাজ্য ভায়েকসকলৰ লগত ভগাই লয়। সিংহাসনত বহাৰ পিছতেই হুমায়ুনে এফালে গুজৰাটৰ বাহাদুৰ ছাহ, আনপিনে বিহাৰৰ পাঠান নায়ক ছেৰ ছাহৰ বিৰুদ্ধে যুদ্ধ কৰিব লগাত পৰিল ৷ ছেৰ খাঁ :—ছেৰ খাঁ বিহাৰৰ এজন জায়গীৰদাৰৰ ল’ৰা। ল’ৰাকালত তেওঁৰ নাম ফৰিদ আছিল। তেওঁ সৰু কালত বৰ ধিতিঙা আৰু উদ্ধত স্বভাৱৰ আছিল । সৰুতে মাহীমাকৰ কেতকেতনি আৰু বাপেকৰ অৱহেলাত ঘৰ এৰি যাব লগা হয়। ফৰিদে জৌনপুৰলৈ গৈ লিখাপঢ়া কৰিবলৈ ধৰে ৷ অলপ সময়ৰ ভিতৰতে তেওঁ আৰবী আৰু পাৰ্চী ভাষাত পাৰ্গত হল। পিতাকে তেওঁক অনুৰোধ কৰাত আকৌ ঘৰলৈ আহি জায়গীৰ চলাবলৈ ধৰিলে, কিন্তু আকৌ মাহীমাকৰ চক্ৰান্তত পৰি জায়গীৰ এৰি আগ্ৰালৈ যাব লগাত পৰিল। ফৰিদে বিহাৰৰ শাসনকৰ্ত্তা বাহাৰ খাঁৰ অধীনত চাকৰি ললে । তাত ফৰিদৰ ক্ৰমে পদোন্নতি হবলৈ ধৰে ৷ কিন্তু বাহাৰ খাঁৰ লগত বিবাদ হোৱাত তেওঁ বাবৰৰ লগ হয়। বাবৰৰ অনুগ্ৰহত ছেৰ খাঁই পিতৃজায়গীৰ