সমললৈ যাওক

পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
ভাৰত বুৰঞ্জী

মৃত্যুত ফাৰগানাৰ ৰজা হয়। কিন্তু তিনি বছৰৰ পিছত বাবৰে সেই ৰাজ্য হেৰুৱাব লগাত পৰে। বহু চেষ্টাৰ ফলত ১৫০৪ খৃঃত বাবৰে কাবুল অধিকাৰ কৰে, কিন্তু পিতৃৰাজ্য উদ্ধাৰ কৰিব নোৱাৰিলে। ইয়াৰ পিছত বাবৰে ভাৰতবৰ্ষৰ পিনে মনোনিবেশ কৰিলে। বাবৰে কেনেকৈ দিল্লী অধিকাৰ কৰিলে তাক আগেয়ে পাই আহিছা।

 পানীপথৰ যুদ্ধৰ ফলত বাবৰে ভাৰতত মোগল ৰাজ্য স্থাপন কৰে। যেতিয়া মেৱাৰৰ ৰাণা সঙ্গই বুজিলে যে বাবৰে ভাৰতত স্থায়ী ৰাজ্য পাতিব খুজিছে, তেওঁ তেতিয়া বাবৰক খেদাবলৈ দৃঢ়সঙ্কল্প হয়; কিন্তু তেওঁৰ উদ্দেশ্য সিদ্ধি নহল। ১৫২৭ খৃঃত ফতেপুৰ চিক্ৰিৰ ওচৰত কণুৱা নামে ঠাইত বাবৰৰ লগত তেওঁৰ ৰণ হল। ৰণত বাবৰে জয়লাভ কৰিলে।

 কণুৱাৰ যুদ্ধৰ পিছত উত্তৰ ভাৰতত বাবৰৰ আৰু কোনো প্ৰতিদ্বন্দ্বী নাইকিয়া হল। কিন্তু পূবফালে আফগানবিলাকে বাবৰৰ বিৰোধিতা কৰিলে। ১৫২৯ খৃঃত গোগ্ৰাৰ যুদ্ধত বাবৰে আফগানবিলাকক পৰাস্ত কৰিলে। বঙ্গৰ চুলতানে বাবৰৰ লগত সন্ধি কৰিলে।

 এই দৰে বাবৰ বঙ্গৰ পৰা গোৱালিয়ৰলৈকে গোটেই অঞ্চলৰ ৰজা হৈ পৰিল৷ তেওঁ বেছি দিন এই ৰাজ্য চলাবলৈ নেপালে। ১৫৩০ খৃঃত তেওঁৰ মৃত্যু হয়।

 চৰিত্ৰ :— তেওঁ ভাৰতত প্ৰথম মোগল ৰাজ্য প্ৰতিষ্ঠাতা। বাবৰ এজন সাহসী, অধ্যৱসায়ী আৰু উৎসাহী লোক আছিল। তেওঁ শিক্ষিত, সদাচাৰী আৰু সাহিত্যানুৰাগী আছিল আৰু