পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী সকলোৰে ঈশ্বৰ এক। নানকে উত্তৰ ভাৰতৰ বহুতো ঠাইত এই ধৰ্ম্ম প্ৰচাৰ কৰিছিল। ১৫৩৮ খৃঃত নানকৰ মৃত্যু হয়। শঙ্কৰদেৱ :– চৈতন্যদেৱৰ সমসাময়িক মহাপুৰুষ শঙ্কৰদেৱে অসমত ভাগৱতী বৈষ্ণৱ ধৰ্ম্ম প্ৰচাৰ কৰে। তেওঁৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱে অসমত সেই ধৰ্ম্মমত সবল কৰে। মহাপুৰুষ শঙ্কৰদেৱে কীৰ্ত্তন, ১ম, ২য়, ৩য়, আৰু ১০ম স্কন্ধ ভাগৱত, ৰামায়ণৰ উত্তৰাকাণ্ড আদি ধৰ্ম্মপুথি লিখিছিল। তেওঁ অসমীয়া ভাষাৰ বহুল উন্নতি কৰে। ১৫৬৮ খৃঃত এই মহাপুৰুষ কোচ- বিহাৰৰ অন্তৰ্গত ভেলাদাঙ্গা গাৱঁত স্বৰ্গী হয়। খোল, চৈতন্য :—চৈতন্য বঙ্গ দেশৰ বৈষ্ণৱ ধৰ্ম্ম প্ৰচাৰক ৷ মৃদং বজাই কীৰ্ত্তন গোৱা প্ৰথাটে৷ তেৱেঁই প্ৰচাৰ কৰে৷ তেওঁৰ ধৰ্ম্মতো জাতিভেদ নাই। তেওঁৰ মতে হৰিনামেই মুক্তিৰ উপায় । বঙলা ভাষাত তেওঁ ধৰ্ম্ম প্ৰচাৰ কৰিছিল । প্রশ্ন। ১। কোনে, কেতিয়া, কেনেকৈ ভাৰতত মোগল ৰাজ্য স্থাপন কৰে ? ২। বাহ্মনী ৰাজ্যৰ চমু বিৱৰণ দিয়া । ৩। টেলিকোট যুঁজ কাৰ কাৰ ভিতৰত লাগিছিল ? ৪। চুলতান সকলৰ ৰাজত্বৰ সময়ত ভাৰতৰ কৃষি, শিল্প আৰু সাহিত্যৰ অৱস্থা কেনে আছিল ?