পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নানক জনসাধাৰণৰ অৱস্থা :— চুলতানসকলৰ দিনত জনসাধাৰণৰ অৱস্থা কেনেকুৱা আছিল তাক কোৱা টান। কৃষি আৰু বেহা বেপাৰৰ অৱস্থা ভাল আছিল। বস্তুৰ দাম কম আছিল আৰু প্রায়বিলাক প্রয়োজনীয় বস্তু দেশতে উৎপন্ন হৈছিল । সেইকালৰ ধৰ্ম্ম প্ৰচাৰক সকল। কুমাৰিল ভট্ট :— কুমাৰিল ভট্ট বেৰাৰ প্ৰদেশৰ মানুহ। তেওঁ হিন্দু ধৰ্ম্ম প্ৰচাৰ কৰিছিল৷ তেওঁৰ ধৰ্ম্ম-বাণীত মোহ গৈ বহুত শিষ্যই হিন্দু ধর্ম গ্ৰহণ কৰে ৷ শঙ্কৰাচাৰ্য্য :—শঙ্কৰাচাৰ্য্য এজন নৈষ্ঠিক ব্রাহ্মণ আছিল। তেওঁ বৌদ্ধ ধৰ্ম্মৰ ঠাইত শৈৱ হিন্দু ধৰ্ম্ম প্ৰৱৰ্ত্তাবলৈ চেষ্টা কৰিছিল তেওঁৰ চেষ্টাৰ ফলত হিন্দু ধৰ্ম্মৰ বহুত উন্নতি হয়। ৰামানুজ ঃ—ৰামানুজ দক্ষিণ ভাৰতৰ ব্ৰাহ্মণ সন্তান৷ তেওঁ বৈষ্ণৱ ধৰ্ম্ম প্ৰৱৰ্ত্তাবৰ নিমিত্তে চেষ্টা কৰিছিল ৷ ৰামানন্দ ঃ—ৰামানুজৰ শিষ্য ৰামানন্দ ভগৱান্ ৰামচন্দ্ৰৰ উপাসক আছিল ৷ তেওঁ ‘ৰামাৎ বৈষ্ণৱ’ সম্প্ৰদায়ৰ প্ৰতিষ্ঠাতা। তেওঁ জাতিভেদ নামানিছিল। কবীৰ :—ৰামানন্দৰ ১২ জন শিষ্যৰ ভিতৰত এওঁ এজন প্রধান শিষ্য আছিল ৷ এওঁ হিন্দী ভাষাত ধৰ্ম্ম প্ৰচাৰ কৰিছিল আৰু বহুত হিন্দী কবিতাও লিখিছিল৷ এওঁৰ মতে বিষ্ণু, আল্লা, ৰাম, ৰহিমৰ কোনো প্রভেদ নাই। নানকঃ—নানক শিখ ধৰ্ম্মৰ প্ৰচাৰক ৷ তেওঁ ধৰ্ম্ম গ্ৰন্থবিলাক পঞ্জাৱী ভাষাত লিখিথৈ গৈছে। তেওঁৰ মতে হিন্দু, মুছলমান