পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী আৰু আমিৰ-ওমৰাহে হিন্দু ৰমণী বিয়া কৰাইছিল। তেওঁলোক অনেক সময়ত হিন্দু আচাৰ-ব্যৱহাৰৰ দ্বাৰা প্ৰভাৱিত হৈছিল । ফলত হিন্দু আৰু মুছলমান দুয়ো সমাজৰ ভিতৰত উদাৰ মনোভাবৰ সৃষ্টি হৈছিল। হিন্দুসমাজক ইছলামৰ প্ৰভাৱৰ পৰা মুক্ত কৰি ৰাখিবৰ কাৰণে দাক্ষিণাত্যৰ মাধবাচাৰ্য্য আৰু বঙ্গদেশৰ ৰঘুনন্দনে নানা বিধি-বিধান কৰিছিল ৷ আনফালে ভুয়োসমাজৰ উদাৰপন্থী প্ৰচাৰক সকলে হিন্দু-মুছলমানৰ মাজত মিলাপ্ৰীতিৰ ভাব হুমাই দিছিল। এওঁলোকৰ ভিতৰত ৰামানুজ, ৰামানন্দ, কবীৰ, নানক, শঙ্কৰদেৱ, চৈতন্য আদিৰ নাম উল্লেখযোগ্য । সাহিত্য :—চুলতান সকলৰ দিনত পাৰ্চী ৰাজভাষা আছিল যদিও সংস্কৃত ভাষাৰ চৰ্চা কমা নাছিল। সেইকালৰ সংস্কৃত লিখক সকলৰ ভিতৰত সায়ন, মাধবাচাৰ্য্য, ৰঘুনন্দন আদি বিখ্যাত। পাৰ্চী ভাষাই ৰজাঘৰীয়া উদগনি পাই ঠন ধৰি উঠিছিল । এই যুগত বিভিন্ন প্রাদেশিক ভাষাৰো উন্নতি সাধন হৈছিল৷ ৰামানন্দ আৰুকৈবীৰে হিন্দীসাহিত্যৰ ভৰাল চহকী কৰিছিল৷ তুকাৰামে মাৰাঠী ভাষাত পুথি ৰচনা কৰিছিল ৷ বিদ্যাপতি, চণ্ডীদাস, কৃত্তিবাস আদি বাঙালী লিখকে বঙলা ভাষাৰ উন্নতি কৰিছিল। সেই দৰে শঙ্কৰদেৱ আৰু মাধৱদেৱে অসমীয়া ভাষাৰ বহুল উন্নতি কৰে। এই যুগত বুৰঞ্জীমূলক গ্ৰন্থৰো ৰচনা হৈছিল। মিনহাজ, আমাৰ থজ্ঞ, জিয়াউদ্দিন বাৰানী আদিয়ে বুৰঞ্জীমূলক গ্ৰন্থ ৰচনা কৰিছিল ।