সমললৈ যাওক

পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চতুৰ্থ অধ্যায়।
চুলতান সকলৰ দিনত ভাৰতৰ অৱস্থা

 শাসন :— মহম্মদ টোগলকৰ দিনৰ পৰা চুলতান সকলৰ ৰাজ্য ক্ৰমান্বয়ে পৰি আহিবলৈ ধৰিলে আৰু তাৰ ১৫০ বছৰৰ ভিতৰত সম্পূৰ্ণৰূপে ধ্বংস হল। চুলতানসকল স্বেচ্ছাচাৰী আছিল গতিকে তেওঁলোকৰ ইচ্ছায়েই একৰকম আইন আছিল। প্ৰাদেশিক শাসনকৰ্তা বিলাকো চুলতানৰ দৰে স্বেচ্ছাচাৰী আছিল। তেওঁলোকে নিয়মিত ভাবে দিল্লীৰ চুলতানক কৰ সোধাব লাগিছিল। চুলতান সকল স্বেচ্ছাচাৰী হোৱাৰ কাৰণে সামৰিক শক্তিৰ ওপৰত নিৰ্ভৰ কৰিব লাগিছিল। প্ৰাদেশিক শাসনকৰ্ত্তা বিলাকে ইচ্ছামতে ৰাজ্য শাসন কৰিব পাৰিছিল। প্ৰজা সাধাৰণৰ জীৱন যাত্ৰাত চুলতানসকলে সাধাৰণতে হাত নিদিছিল। সেই সময়ত ভাৰতৰ বেছি ভাগ প্ৰজাই হিন্দু, আছিল। প্ৰায় সকলো হিন্দুৱে ‘জিজিয়া' নামে এটি কৰ দিব লাগিছিল।

 সমাজ আৰু ধৰ্ম্ম :— মুছলমান বিজয়ৰ পিছৰ পৰা ইছলাম ধৰ্ম্ম লাহে লাহে ভাৰতত বিস্তাৰ হয়। তলশ্ৰেণীৰ বহুত হিন্দু মুছলমান হৈছিল। ইয়াৰ বাহিৰে ৰাজপদ লাভ আৰু জিজিয়া কৰৰ পৰা ৰেহাই পাবৰ কাৰণেও বহুতো হিন্দুৱে মুছলমানৰ ধৰ্ম্ম লৈছিল। তেওঁলোক মুছলমান হোৱা সত্বেও হিন্দুৰ ৰীতি-নীতি এৰিব নোৱাৰিছিল। কোনো কোনো চুলতান