পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুর্থ অধ্যায়। চুলতান সকলৰ দিনত ভাৰতৰ অৱস্থা শাসন :— মহম্মদ টোগলকৰ দিনৰ পৰা চুলতান সকলৰ ৰাজ্য ক্রমান্বয়ে পৰি আহিবলৈ ধৰিলে আৰু তাৰ ১৫০ বছৰৰ ভিতৰত সম্পূর্ণরূপে ধ্বংস হল। চুলতানসকল স্বেচ্ছাচারী আছিল গতিকে তেওঁলোকৰ ইচ্ছায়েই একবকম আইন আছিল। প্রাদেশিক শাসনকর্তা বিলাকে৷ চুলতানৰ দৰে স্বেচ্ছাচাৰী আছিল। তেওঁলোকে নিয়মিত ভাবে দিল্লীব চুলতানক কৰ সোধাব লাগিছিল । চুলতান সকল স্বেচ্ছাচাৰী হোৱাৰ কাৰণে সামৰিক শক্তিৰ ওপৰত নিৰ্ভৰ কৰিব লাগিছিল। প্রাদেশিক শাসনকর্তা বিলাকে ইচ্ছামতে ৰাজ্য শাসন কৰিব পাৰিছিল। প্ৰজা সাধাৰণৰ জীৱন যাত্ৰতি চুলতানসকলে সাধাৰণতে হাত নিািদছিল। সেই সময়ত ভাৰতৰ বেছি ভাগ প্ৰজাই হিন্দু, আছিল। প্রায় সকলো হিন্দুৱে ‘জিজিয়া' নামে এটি কৰ দিব লাগিছিল। সমাজ আৰু ধৰ্ম্ম :– মুছলমান বিজয়ৰ পিছৰ পৰা ইছলাম ধৰ্ম্ম লাহে লাহে ভাৰতত বিস্তাৰ হয়। তলশ্ৰেণীৰ বহুত হিন্দু মুছলমান হৈছিল। ইয়াৰ বাহিৰে ৰাজপদ লাভ আক জিজিয়া কৰৰ পৰা ৰেহাই পাবৰ কাৰণেও বহুতো হিন্দুৱে মুছলমানৰ ধৰ্ম্ম লৈছিল। তেওঁলোক মুছলমান হোৱা সত্বেও হিন্দুৰ ৰীতি-নীতি এৰিব নোৱাৰিছিল । কোনো কোনো চুলতান