পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী এই ফৈদৰ ৰজাসকলৰ লগত ওচৰৰ বাহ মনী ৰজাৰ সদায় কাজিয়া-পেচাল লাগি আছিল। সেই সময়ত বিজয়নগৰ ধন- সোণ, বয়-বস্তুৰে নদন-বদন হৈছিল। বিজয়নগৰ বৰ পৰাক্ৰমী হোৱ৷ গতিকে দাক্ষিণাত্যৰ অনেক সৰু সৰু ৰাজ্যই এই ৰাজ্যৰ অধীনতা স্বীকাৰ কৰিছিল। তুলুভ বংশৰ কৃষ্ণৰায়ে বৰ প্রতাপেৰে ১৫০৯–১৫৩০ খৃঃ লৈকে বিজয়নগৰত ৰাজত্ব কৰে। তেওঁৰ পিছৰ ৰজাসকলৰ দিনত ৰাজ্যৰ বল কমি আহে। তেওঁ অসা- ধাৰণ বীৰ, ন্যায়পৰায়ণ, দানশীল আৰু বিদ্যানুৰাগী আছিল । কৃষ্ণদেব ৰায়ৰ পিছৰ ৰজাসকল দুর্ববল হোৱা কাৰণে বিজয়নগৰৰ শক্তি ক্ৰমাৎ কমি আহিবলৈ ধৰে ৷ তেওঁৰ পিছত অচ্যুতৰায় আৰু সদাশিৱৰায় যথাক্রমে ৰজা হয়। সদাশিৱৰায়ৰ দিনত আহম্মদনগৰ, গোলকুণ্ডা আৰু বিদাৰৰ চুলতান একগোট হৈ বিজয়নগৰ আক্ৰমণ কৰে । ১৫৬৫ খৃঃত তালিকোটৰ যুদ্ধত বিজয়নগৰ হাৰে । ফলত বিজয়নগৰৰ গৌৰব লোপ পায় ৷