পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

X বিজয়নগৰ বংশ বুলি পৰিচিত। ৰজা হৈ তেওঁ আলাউদ্দিন বাহ মন ছাহ নাম ললে। তেওঁৰ ৰাজ্যৰ সীমা উত্তৰে নৰ্ম্মদ৷ নৈৰ পৰা, দক্ষিণে কৃষ্ণা নৈ পর্যন্ত বিস্তৃত আছিল। কুলবর্গ (যা গুলবর্গ ) বিশাল বাহ্মনী ৰাজ্যৰ ৰাজধানী আছিল। এই বংশৰ ১৪ জন ৰজাই ৰাজত্ব কৰিছিল । 99 বাহ,মনী ৰাজ্য স্থাপনৰ একে সময়তে ‘সুদূৰদক্ষিণ’ত বিজয়- নগৰ নামে এখন হিন্দুৰাজ্য স্থাপিত হৈছিল। বাহনী আৰু বিজয়- নগৰৰ মাজত বহুদিন জুৰি বিৰোধ চলিছিল ৷ বাহ্মনী ৰাজ্যব চুলতান সকলৰ বেচিভাগেই নিষ্ঠুৰ প্ৰকৃতিৰ আছিল। নিজৰ বংশৰ ভিতৰতো সদায় কটামৰা লাগি আছিল ৷ বাহ্মনী ৰজা তৃতীয় মহম্মদ ছাহে মামুদ গোৱানক প্রধান মন্ত্রী পাতে ৷ মামুদ গোৱান এজন সুদক্ষ মন্ত্রী আছিল। তেওঁ এজন সুনিপুণ যোদ্ধাও আছিল। তেওঁৰ দিনত হিমনী ৰাজ্যৰ বহুল উন্নতি হয়। কিন্তু তেওঁৰ শত্ৰুৰ উচটনিত মহম্মদছাহে তেওঁক প্ৰাণদণ্ড দিয়ে। বাবৰে দিল্লীৰ সিংহাসন লোৱাৰ সময়ত বাহ,মনী ৰাজ্য ভাগি পাঁচখন হয় :—বিৰাৰ, বিদাৰ, আহম্মদনগৰ, বিজাপুৰ আৰু গোলকুণ্ড৷ ৷ বিজয়নগৰ ঃ–(১৩৩৬–১৫৬৫) :—কথিত আছে যে হৰিহৰ আৰু বুক্কৰাই নামেৰে দুজন ককাইভায়ে ১৩৩৬ খৃঃত এই ৰাজ্য স্থাপন কৰে। ইয়াৰ ৰাজধানী বিজয়নগৰ তুঙ্গভদ্রা নৈৰ পাৰত আছিল। বুক্কৰাইৰ বংশই ১৩৩৬—১৩৭৯ খৃঃ লৈকে ৰাজত্ব কৰিছিল। Selcana