বংশ বুলি পৰিচিত। ৰজা হৈ তেওঁ আলাউদ্দিন বাহমন ছাহ নাম ললে। তেওঁৰ ৰাজ্যৰ সীমা উত্তৰে নৰ্ম্মদা নৈৰ পৰা, দক্ষিণে কৃষ্ণা নৈ পৰ্য্যন্ত বিস্তৃত আছিল। কুলবৰ্গ (বা গুলবৰ্গ ) বিশাল বাহমনী ৰাজ্যৰ ৰাজধানী আছিল। এই বংশৰ ১৪ জন ৰজাই ৰাজত্ব কৰিছিল।
বাহমনী ৰাজ্য স্থাপনৰ একে সময়তে ‘সুদূৰদক্ষিণ’ত বিজয়-নগৰ নামে এখন হিন্দুৰাজ্য স্থাপিত হৈছিল। বাহমনী আৰু বিজয়-নগৰৰ মাজত বহুদিন জুৰি বিৰোধ চলিছিল। বাহ্ মনী ৰাজ্যৰ চুলতান সকলৰ বেচিভাগেই নিষ্ঠুৰ প্ৰকৃতিৰ আছিল। নিজৰ বংশৰ ভিতৰতো সদায় কটামৰা লাগি আছিল।
বাহমনী ৰজা তৃতীয় মহম্মদ ছাহে মামুদ গোৱানক প্ৰধান মন্ত্ৰী পাতে। মামুদ গোৱান এজন সুদক্ষ মন্ত্ৰী আছিল।তেওঁ এজন সুনিপুণ যোদ্ধাও আছিল। তেওঁৰ দিনত বাহমনী ৰাজ্যৰ বহুল উন্নতি হয়। কিন্তু তেওঁৰ শত্ৰুৰ উচটনিত মহম্মদছাহে তেওঁক প্ৰাণদণ্ড দিয়ে।
বাবৰে দিল্লীৰ সিংহাসন লোৱাৰ সময়ত বাহমনী ৰাজ্য ভাগি পাঁচখন হয় :—বিৰাৰ, বিদাৰ, আহম্মদনগৰ, বিজাপুৰ আৰু গোলকুণ্ডা।
বিজয়নগৰঃ–(১৩৩৬–১৫৬৫):—কথিত আছে যে হৰিহৰ আৰু বুক্কৰাই নামেৰে দুজন ককাইভায়ে ১৩৩৬ খৃঃত এই ৰাজ্য স্থাপন কৰে। ইয়াৰ ৰাজধানী বিজয়নগৰ তুঙ্গভদ্ৰা নৈৰ পাৰত আছিল।
বুক্কৰাইৰ বংশই ১৩৩৬—১৩৭৯ খৃঃ লৈকে ৰাজত্ব কৰিছিল।