পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

x X তৃতীয় অধ্যায় । পাঠান ৰাজত্বৰ সময়ত ভাৰতৰ ৰাজনৈতিক অবস্থা। বঙ্গদেশ :- পাল নামৰ এটা ফৈদে বঙ্গদেশত অষ্টম শতাব্দীৰ পৰা দশম শতাব্দীলৈকে ৰাজত্ব কৰে। টোগলকৰ ৰাজত্ব শেষ হোৱাত ইলিয়াচ হাতে বঙ্গদেশৰ স্বাধীনতা ঘোষণা কৰে। এই বংশই ১৩৫২ খৃঃ--১৪১৪ খৃঃ লৈ ৰাজত্ব কৰে। ইয়াৰ পিছত ৰজা গণেশ আৰু তেওঁৰ বংশই কিছুকাল ৰাজত্ব কৰে। ১৪৯২ খৃষ্টাব্দত হোচেন ছাহে মুখ্যাতিৰে বঙ্গদেশ শাসন কৰে। কামৰূপ :—–ভাৰতত পাঠান ৰাজত্ব প্রতিষ্ঠা হোৱাৰ পিছত কেইবাজনো মুছলমান সেনাপতিয়ে বাৰে বাৰে কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল। সেই কালভ কামৰূপৰ পশ্চিমফালে নীলাম্বৰ নামে এজন ৰজাই ৰাজত্ব কৰিছিল। গৌৰৰ নৱাব হোচেনছাহে নিলাম্বৰ ৰজাৰ ৰাজ্য দখল কৰে। তেশতিকাৰ আগ ভাগত টাই নামে এটা জাতি পাটকাই পর্ববতেদি অসম সোমায়হি। অসমত তেওঁলোকে আহোম ৰাজ্য স্থাপন কৰে । বাহমনী ৰাজ্য :– ১৩৪৭ খৃষ্টাব্দত মহম্মদ টোগলকৰ দিনত বাহনী ৰাজ্য স্থাপিত হয়। হাচান গঙ্গা এই ৰাজ্যৰ প্রতিষ্ঠাতা। তেওঁ পাৰ্যৰ ৰজা বাহনৰ বংশধৰ বুলি খ্যাত আৰু সেই কাৰণেই তেওঁৰ প্রতিষ্ঠিত বংশ বাহনী