সমললৈ যাওক

পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
টাইমুৰৰ ভাৰত আক্ৰমণ


 টাইমুৰৰ ভাৰত আক্ৰমণ :— টাইমুৰ চমৰখণ্ডৰ ৰজা

আছিল। টোগলক বংশৰ শেষ ৰজা মামুদৰ দিনত তেওঁ ভাৰত আক্ৰমণ কৰে। ভাৰত আক্ৰমণ কৰি ধন-সোণ লুটি নিয়াই টাইমুৰ উদ্দেশ্য আছিল। ১৩৯৮ খৃষ্টাব্দত টাইমুৰ আহি দিল্লী পোৱাৰ লগে লগে দিল্লীৰৰ চুলতান ভয়তে পলাই গল। টাইমুৰে দিল্লী লুটপাট কৰি বহুতো ধন-সোন আৰু বন্দী-বেটি লৈ দেশলৈ উভতিল।


প্ৰশ্ন

 ১। কোনে, কেতিয়া খিলিজি বংশ স্থাপিত কৰিলে? এই বংশৰ আটাইতকৈ ডাঙৰ ৰজা কোন আছিল?
 ২। মালিক কাফুৰৰ দাক্ষিণাত্য বিজয়ৰ চমু বিৱৰণ দিয়া।
 ৩। পাঠান সাম্ৰাজ্য ধ্বংসৰ প্ৰধান কাৰণ কি?
 ৪। টাইমুৰ ভাৰত আক্ৰমণ চমুকৈ বৰ্ণোৱা।