পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চৈয়দ বংশ। $858-5885 1918 খাত পঞ্জাৱৰ শাসনকৰ্ত্তা খিজিৰ ঠাঁই দিল্লীৰ সিংহাসন অধিকাৰ কৰে। তেওঁ ধৰ্ম্মলক মহম্মদৰ বংশধৰ ; গতিকে তেওঁৰ স্থাপিত চুলতানৰ বংশক চৈয়দ বংশ বোলে। এই বংশৰ ৰজা সকলে ১৪৫১ খৃষ্টাব্দলৈকে দিল্লীত ৰাজত্ব কৰে। লোডী বংশ। (১৪৫১-১৫২৬)। বাহলুল খাঁ লোভী, ছিকন্দৰ লোডী:— বাহলুল খাঁ পোনতে পঞ্জাৱৰ শাসনকৰ্ত্তা আছিল। চৈয়দ বংশৰ ক্ষমতা পৰি অহা দেখি তেওঁ ছেগ বুজি দিল্লীৰ সিংহাসন অধিকাৰ কৰে। তেৱেঁই লোডী বংশৰ প্রতিষ্ঠাতা। তেৱেঁই দিল্লীৰ হেৰোৱ৷ সম্মান কিছু ঘূৰাই আনে। তেওঁৰ পিছত ছিকন্দৰ লোডী ৰাজ- পাটত বহে। তেওঁ ২৮ বুছৰ ৰাজত্ব কৰিছিল । ইব্রাহিম লোডী (১৫১৭–১৫২৬) :–ছিকন্দৰ পিছত ইব্রাহিম লোডী সিংহাসনত উঠে। তেওঁ অবিবেচক ৰজা আছিল। সেই দেখি তেওঁ প্ৰজাবিলাকৰ অপ্ৰিয় হৈছিল। আনকি বিভিন্ন দেশৰ শাসনকৰ্ত্তাসকলৰ অনেকেই স্বাধীন ৰজা বুলি ঘোষণা কৰে। অৱশেষত সম্রাটৰ দদায়েক