সমললৈ যাওক

পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
ভাৰত বুৰঞ্জী

 মহম্মদ টোগলকৰ উদ্ভণ্ডালিৰ ফলত দাক্ষিণাত্যত দুখন ৰাজ্য স্থাপন হল। এখন বিজয়নগৰ, আনখন বাহমনী ৰাজ্য।

 ইবনবতুতাঃ— মহম্মদ টোগলকৰ ৰাজত্বকালত ইবনবতুতা নামে এজন পৰ্য্যটক ভাৰতলৈ আহে। চুলতানৰ ৰাজ দৰবাৰত তেওঁ পাঁচবছৰ কাল চাকৰী কৰিছিল। তেওঁৰ লিখিত বিৱৰণৰ পৰা সেই কালৰ বহুতো মূল্যবান তথ্য পোৱা যায়।

 চৰিত্ৰ :— তেওঁ জ্ঞানী মুছলমান পণ্ডিতসকলক বৰ সম্মান কৰিছিল। সম্ৰাট বিদ্বান আৰু বিদ্যোৎসাহী আছিল। কিন্তু তেওঁৰ দুৰদৰ্শিতা নাছিল। সেই কাৰণে বহুতে তেওঁক “জ্ঞানী মূৰ্খ” নাম দিছিল। তেওঁৰ মতিৰ স্থিৰতা নাছিল। সেই গুণেই ৰাজ্যত বিশৃঙ্খলা ঘটিছিল।

 ফিৰোজ টোগলক (১৩৫১–১৩৮৮):— মহম্মদৰ ভতিজাক ফিৰোজ টোগলক ১৩৫১ খৃষ্টাব্দত ৰাজপাটত উঠে।

 তেওঁ সদাশয় আৰু প্ৰজাৰঞ্জক ৰজা আছিল। তেওঁৰ দিনতে বহুত আলি-পদূলি, আলহী-ঘৰ, পুখুৰী কৰা হৈছিল। গঙ্গ৷ আৰু যমুনাৰ বিখ্যাত খাৱৈ তেৱেঁই খন্দায়। তেওঁ বিতোপন নগৰ, মচ্‌জিদ, দুৰ্গ নিৰ্ম্মাণ কৰাইছিল। তেওঁৰ ১৩৮৮-খৃঃত মৃত্যু হয়। তেওঁৰ ৰাজত্বকালতে বিখ্যাত ফকিৰ চাহজালালে শ্ৰীহট্ট অধিকাৰ কৰে।

 ১৩৮৮ খৃঃ–১৩৯৩ খৃঃ লৈ এই কেই বছৰৰ ভিতৰতে টোগলক বংশৰ আৰু ৪ জন ৰজা দিল্লীৰ সিংহাসনত বহে। তেওঁলোক নামত হে ৰজা আছিল।