পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

93 মহম্মদ টোগলক মুদ্ৰা লবলৈ অস্বীকাৰ কৰিলে। শেষত চুলতানে অজস্র ক্ষতিপূরণ দিব লগা হোৱাত ৰাজভবাল উদং হল। মহম্মদ টোগলক। বিদ্রোহ :—চুলতানৰ আচৰিত কাৰ্য্যকলাপৰ ফলত ৰাজ্যত অশান্তি আৰু বিদ্রোহে দেখা দিয়ে। পঞ্জাৱৰ শাসনকর্তা বিদ্রোহী হৈ উঠে। সম্রাটে সেই বিদ্রোহ দমাই তেওঁক বধ কৰালে ৷ তেওঁৰ দিনত ১৩৪০ খৃঃত বঙ্গ স্বাধীন হয়। গুজৰাট আৰু সিন্ধু প্রদেশতো বিদ্রোহ হল। ১৩৫১ খৃঃত মহম্মদ টোগলকে বিদ্রোহীবিলাকক দমন কৰিবলৈ যাওঁতে সিন্ধুৰ নামনি উপত্যকাত তেওঁৰ মৃত্যু হয়।