পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী অৰ্থে ৰাজ-কাৰেঙৰ মুখত এখন কাঠৰ ধুনীয়া তোৰণ সজা হল। পিছে ৰজাই তোৰণৰ তলত মূৰ হুমাওঁতেই তোৰণ ভাগি তেওঁৰ মূৰত পৰিল আৰু তেতিয়াই তেওঁৰ মৃত্যু হয়। go মহম্মদ টোগলক (১৩২৬ – ১৩৫১ ) :–জুনা খাঁই মহম্মদ টোগলক নাম লৈ ১৩২৬ খৃঃত ৰাজপাটত উঠে। তেওঁৰ দিনত মোগলবিলাকে বাৰে বাৰে ভাৰত আক্ৰমণ কৰিছিল । মহম্মদ টোগলকে ধন-সোণ দি সিহঁতক বিদায় দিছিল। তেওঁ পাৰস্য দেশৰ অধীনত থকা খোৰাচান আৰু ইৰাক জয় কৰিবলৈ ৩৭০,০০০ সৈন্য গোটালে; কিন্তু এবছৰ সিহঁতক ভৰণপোষণ দিয়াত ৰাজভঁৰাল প্রায় উদং হল। পিছত তেওঁ পাৰস্য জয়ৰ সঙ্কল্প ত্যাগ কৰিলে । দেৱগিৰিত ৰাজধানী স্থাপন কৰিবৰ তেওঁৰ ইচ্ছা আছিল ; কাৰণ দেৱগিৰিয়েই তেওঁৰ ৰাজ্যৰ মধ্যস্থান । তেওঁ দিল্লীৰ প্ৰজাবিলাকক দুবাৰ দেৱগিৰিলৈ উঠি যাবলৈ হুকুম দিলে ; কিন্তু প্ৰজাৰ সুবিধা অসুবিধালৈ সমূলি কাণসাৰ নিদিলে। বেমাৰ-আজাৰ হৈ আৰু খাবলৈ নেপাই অনেক প্ৰজা অকালত মৰিল। অৱশেষত অনেক অসুবিধা হব বুলি সম্ৰাটে দেৱগিৰিত ৰাজধানী স্থাপন কৰা আশা এৰি দিলে। টকাৰ অভাৱ হোৱাত সম্রাটে প্ৰজাক ৰূপৰ মুদ্ৰাৰ পৰিবৰ্ত্তে তামৰ মুদ্ৰ৷ চলাবলৈ আজ্ঞা দিলে। ঘৰে ঘৰে এই তামৰ মুদ্রা জাল কৰিবলৈ ধৰিলে। বিদেশী বেপাৰীয়ে তামৰ