মোগল আক্ৰমণঃ— জালালউদ্দিন আৰু আলাউদ্দিনৰ ৰাজত্বকালত মোগলবিলাকে বাৰে বাৰে ভাৰত আক্ৰমণ কৰিছিল। কিন্তু আলাউদ্দিনে হেলাৰঙ্গে সিহঁতক পৰাস্ত কৰে।
চৰিত্ৰ :—খিলিজি বংশৰ ভিতৰত আলাউদ্দিনেই বৰ প্ৰতাপী ৰজা। তেওঁ চতুৰ, বুদ্ধিমান, সাহসী বীৰ আছিল। শিল্প আৰু সাহিত্যতো তেওঁৰ ৰাপ আছিল। এওঁ হিন্দুৰ পৰা জিজিয়া কৰ আদায় কৰিছিল। মদ খোৱা আৰু জুৱা খেল নিষেধ কৰিছিল। ৰাজ্যৰ সকলো বাতৰি পাবৰ নিমিত্তে তেওঁ চাৰিওফালে চোৰাংচোৱা ৰাখিছিল।
আলাউদ্দিনৰ শেষকালঃ— তেওঁৰ ৰাজত্বৰ শেষ কালত গুজৰাট বিদ্ৰোহী হৈ উঠিছিল। চিতোৰ, দেৱগিৰি আৰু ৱাৰঙ্গল স্বাধীন হয়। তেওঁৰ জীৱনৰ শেষভাগত তেওঁৰ ঘৈণীয়েক আৰু লৰাৰ পৰাও শান্তি নাপাইছিল। ১৩১৬ খৃ:ত তেওঁৰ মৃত্যু হয়।
এওঁৰ মৃত্যুৰ পিছত আৰু দুজন ৰজাই নামত হে ৰাজ্য শাসন কৰিছিল। পঞ্জাৱৰ শাসনকৰ্ত্তা গিয়াচুদ্দিন টোগলকে শেষ ৰজাক বধ কৰি ১৩২১ খৃঃত সিংহাসন অধিকাৰ কৰে।
গিয়াচুদ্দিন টোগলক (১৩২১–১৩২৫ ):— গিয়াচুদ্দিনে প্ৰায় ৫ বছৰ কাল ৰাজত্ব কৰে। তেওঁ তেওঁৰ বৰ পুতেক জুনা খাঁক ৱাৰঙ্গল ৰাজ্য জয় কৰিবলৈ পঠায়। যুৱৰাজে ৱাৰঙ্গল জয় কৰিলে। চুলতানে নিজে বঙ্গত হোৱা বিদ্ৰোহ দমন কৰি উভতি আহোতে বাটতে ত্ৰিহুত জয় কৰে। তেওঁ জয়ী হৈ ৰাজ্যলৈ উভতি আহিল। তেওঁক অভ্যৰ্থনা কৰিবৰ