পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী জয় কৰিলে। তাৰ পিছত তেওঁ ১৩০১ খৃঃত ৰন্থাম্বৰ দুৰ্গ জয় ১৩০৩ খৃঃত চিতোৰ আক্ৰমণ কৰে। চিতোৰ জয়ৰ দুবছৰৰ পিছত তেওঁ মালৱ অধিকাৰ কৰে । ইয়াৰ পিছত আলাউদ্দিনে দাক্ষিণাত্য জয় কৰিবলৈ মন মেলিলে। b আলাউদ্দিন । দাক্ষিণাত্য অভিযানৰ সেনাপতি আছিল মালিক কাফুৰ ৷ ১৩০৬ খৃঃত মালিক কাফুৰে দেৱগিৰিৰ ৰজা ৰামচন্দ্ৰক পৰাজিত কৰি কৰতলীয়া কৰিলে । বিলাকক পৰাস্ত কৰে৷ ১৩০৮ খৃঃত ৱাৰঙ্গলৰ কাকাটিয়- তাৰ পিছত ১৩১০ খৃঃত দ্বাৰসমুদ্ৰৰ ৰজাক যুদ্ধত পৰাস্ত কৰে। বিজয়ী মালিক কাফুৰে এখন এখন কৈ দাক্ষিণাত্যৰ প্ৰায় সকলো দেশ জয় কৰে।