সমললৈ যাওক

পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
আলাউদ্দিন খিলিজি

 বলবনৰ মৃত্যুৰ পিছত তেওঁৰ নাতিয়েক কৈকোবাদে কিছুদিন ৰাজত্ব কৰে। পিছে চতুৰ মন্ত্ৰী জালালউদ্দিনে কৈকোবাদক আৰু তেওঁৰ পুতেকক হত্যা কৰি নিজে ৰাজপাটত উঠে। এই দৰে কুতুবে স্থাপিত কৰা দাস ৰাজ-বংশৰ লোপ হল।

প্ৰশ্ন

 ১। কোনে, কেতিয়া, কেনেকৈ ভাৰতত মুছলমান ৰাজ্য স্থাপন কৰিলে?
 ২। চমু টোকা লিখাঃ— কুতুবমিনাৰ, চেংগিজ খাঁ, তুগ্ৰিল খাঁ।

খিলিজি বংশ (১২৮৮-১৩১৬)।

 জালালউদ্দিন(১২৮৮⸺১২৯৬):–জালালউদ্দিন খিলিজি বংশৰ প্ৰথম ৰজা তেওঁ অতি শান্ত প্ৰকৃতিৰ লোক আছিল। তেওঁৰ ৰাজত্বৰ আৰম্ভণিতে ভতিজাক আলাউদ্দিনে দেৱগিৰিৰ ৰজা ৰামচন্দ্ৰদেৱৰ ৰাজ্য আক্ৰমণ কৰি অসংখ্য ধন-সম্পত্তি লুটি লৈ আহে। আহোঁতে দদায়েক জালালউদ্দিনে তেওঁক আগবঢ়াই আনিবলৈ যায় আৰু তাতে বিশ্বাসঘাতকতা কৰি আলাউদ্দিনে দদায়েকক হত্যা কৰে।

আলাউদ্দিন খিলিজি (১২৯৬–১৩১৬)।

 ৰাজ্য জয়ঃ—বৃদ্ধ সম্ৰাট জালালউদ্দিনক হত্যা কৰি আলাউদ্দিন ৰাজপাটত উঠে। ৰাজপাটত উঠিয়েই তেওঁ গুজৰাট