পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৬৬

ভাৰত বুৰঞ্জী

 চেংগিজ খাঁ :—চেংগিজ খাঁ নামৰ মোগল বীৰ এজনে চীনৰ পশ্চিমে থকা খিবা ৰাজ্যৰ পলৰীয়৷ ৰজা এজনক খেদি পঞ্জাৱ সোমায়হি। কিন্তু ইলতুৎমিচে তেওঁক আশ্রয় নিদিলে, ফলত মোগলবিলাকে ভাৰত আক্ৰমণ নকৰি গুচি যায়।

 চুলতানা ৰেজীয়া (১২৩৬–১২৩৯) :– ইলতুৎমিচৰ অকামিল৷ বৰপুতেক ৰুকুনুদ্দিনে ৰাজত্ব কৰাৰ ৭ মাহৰ পিছতে তেওঁৰ ভনীয়েক ৰেজীয়া ৰাজপাটত উঠে। ৰেজীয়া বৰ বুদ্ধীমতী, চতুৰা আৰু শিক্ষিতা ৰাণী আছিল। সিংহাসনত বহাৰ পিছত তেওঁ পুৰুষৰ নিচিনাকৈ সাজপাৰ পিন্ধিছিল ।

 আবিচিনিয়াৰ এজন কৰ্ম্মচাৰীৰ প্ৰতি বিশেষ অনুৰাগ দেখুৱাই তেওঁক উচ্চ পদত নিয়োগ কৰাত ৰাজ্যৰ সকলো বিষয়া অসন্তুষ্ট হৈ তেওঁৰ বিপক্ষে উঠিল। অৱশেষত তেওঁ আল্ট নিয়া নামে বিদ্রোহী নেতা এজনক বিয়া কৰাই নিজৰ শক্তি বৃদ্ধি কৰিলে । এইবাৰ দুয়ো লগলাগি বিদ্রোহী বিলাকক দমন কৰিবলৈ পুনৰ যুদ্ধ আৰম্ভ কৰিলে। কিন্তু উভয়ে বৰ পৰাক্ৰমেৰে ফুঁজিও শেষত প্ৰাণ এৰিলে ৷

 গিয়াচুদ্দিন বলবন (১২৬৬–১২৮৫) :—নাচিৰউদ্দিনৰ মৃত্যুৰ পিছত তেওঁৰ সুদক্ষ মন্ত্ৰী গিয়াচুদ্দিন ৰাজপাটত উঠে। তেওঁ যেনে পৰাক্ৰমী তেনে নিষ্ঠুৰ প্ৰকৃতিৰ ৰজা আছিল । তেওঁৰ দিনতে বঙ্গদেশৰ শাসনকৰ্ত্তা তুঞিল খাঁ বিদ্ৰোহী হৈ উঠিছিল। চুলতানে তেওঁক বধ কৰে৷ তেওঁৰ দিনতে মোগল- বিলাকে পঞ্জাৱ আক্রমণ কৰিছিল। যুৱৰাজ মহম্মদে সিহঁতক পৰাস্ত কৰি পঞ্জাৱৰ পৰা খেদাই দিলে ৷