পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৰাইনৰ যুদ্ধ আক্ৰমণ কৰে। দিল্লীৰপৰা ৮০ মাইল উত্তৰে তৰাইণ বা তলাৱাৰি নামে ঠাইত তেওঁৰ আৰু পৃথ্বীৰাজৰ যুদ্ধ হয়। এইবাৰ যুদ্ধত হাৰি কথা বিষম হেন দেখি মহম্মদ ঘোৰী দেশলৈ পলাই গল । তেওঁ পুনৰ এটা শকত ফৌজ গঠন কৰি ১১৯৩ খৃঃত পৃথীৰাজৰ বিপক্ষে যুদ্ধ যাত্ৰা কৰে৷ তৰাইনৰ যুদ্ধক্ষেত্ৰত উভয় পক্ষৰ ভয়ঙ্কৰ যুদ্ধ হল। এই যুদ্ধত পৃথীৰাজ নিহত হল। ইয়াতেই হিন্দুৰ বিজয়সূৰ্য্য চিৰকাললৈ মাৰ গল। ভাৰতত মুছলমান ৰাজাৰ সূত্ৰপাত হল ।