সমললৈ যাওক

পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
ভাৰত বুৰঞ্জী


জয়চন্দ্ৰই মাতামহৰ ৰাজ্যৰ অংশ নপাই পৃথ্বীৰাজৰ মহা শত্ৰু হল। তাৰ পিছতো সংযুক্তাৰ স্বয়ম্বৰৰ কথা লৈ পৃথ্বীৰাজ জয়চন্দ্ৰৰ মাজত বিবাদ হয়। এই দুই ৰজাৰ আত্মবিৰোধৰ ফলতেই ভাৰতত মুছলমান ৰাজ্য স্থাপিত হল।

 সংযুক্তাঃ- সংযুক্তা জয়চন্দ্ৰৰ জীয়েক। তেওঁ বৰ ৰূপৱতী আৰু গুণবতী কন্যা আছিল। সংযুক্তাৰ বিবাহৰ কাল হোৱাত ৰজা জয়চন্দ্ৰই স্বয়ম্বৰ সভা পাতি তেওঁৰ শত্ৰু পৃথ্বীৰাজৰ বাহিৰে সকলো ৰাজপুত ৰজাক নিমন্ত্ৰণ কৰিলে আৰু ৰাজপুত সকলৰ আগত লাজ দিবৰকাৰণে পৃথ্বিৰাজৰ এটি মূৰ্ত্তি গঢ়ি দুৱৰীস্বৰূপে ৰাখিলে। কিন্তু সংযুক্তাই নিচেই সৰু কালৰে পৰা পৃথ্বীৰাজৰ ৰূপ-গুণ আৰু অসামান্য বীৰত্বৰ কথা শুনি তেওঁক স্বামী বৰিম বুলি মনে মনে দৃঢ় সঙ্কল্প কৰিছিল।

যথা সময়ত স্বয়ম্বৰত নিমন্ত্ৰিত সকলো ৰজা আৰু ৰাজকোৱঁৰ উপস্থিত হলহি। সংযুক্তাই সভাত পৃথ্বীৰাজক নেদেখি তেওঁৰ প্ৰতিমূৰ্ত্তিকে বৰণ কৰিলে। পৃথ্বীৰাজ ছদ্মবেশে সেই সভাত আছিল। তেওঁ সংযুক্তাক স্বয়ম্বৰৰপৰ হৰণ কৰি দিল্লীলৈ লৈ যায়।

 তৰাইনৰ যুদ্ধঃ– মহম্মদ ঘোৰীয়ে ১১৯১ খৃষ্টাব্দত ভাৰত