পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় অধ্যায়। মুছলমান ৰাজফৈদ। দাস-বংশ (খৃঃ ১২০৬–১২৮৮ খৃঃ লৈ ) কুতুবুদ্দিন (১২০৬–১২১০)ঃ – মহম্মদ ঘোৰী ঢুকুৱাৰ পিছতে তেওঁৰ সেনাপতি কুতুবুদ্দিনে ভাৰতত নিগাজী ৰাজ্য স্থাপন কৰে। তেৱেঁই ভাৰতত প্ৰথম মুছলমান ৰজা। তেওঁ সৰুতে মহম্মদ ঘোৰীৰ দাস আছিল ৷ কুতুবৰ পিছত ৰাজত্ব কৰা আন দুজন চুলতানো দাস আছিল। সেই নিমিত্তে তেওঁ প্ৰতিষ্ঠা কৰা বংশটোক দাস-বংশ বোলে ৷ তেওঁ যে কেৱল এজন সাহসী বীৰ আছিল এনে নহয়, তেওঁ দানীও আছিল। তেৱেঁই দিল্লীত ২৪২ ফুট ওখ, ৫০ ফুট বেৰৰ বিখ্যাত সুন্দৰ স্তম্ভ কুতুবৰ্মিনাৰ সজাবলৈ আৰম্ভ কৰে। এই কাম তেওঁৰ পাছত ৰজা ইলতুৎমিচে শেষ কৰে। তেওঁৰ মৃত্যুৰ পিছত পুতেক আৰাম ৰজা হয়৷ কিন্তু তেওঁ অকামিলা আছিল, সেই হেতুকে কুতুবুদ্দিনৰ জোৱায়েক ইলতুৎমিচ ৰজা হয়। ইলতুৎমিচ (১২১১–১২৩৬ ) :— ইলতুৎমিচ এই বংশৰ আটাইতকৈ ডাঙৰ ৰজা৷ তেওঁ প্ৰথমে কুতুবুদ্দিনৰ দাস আছিল ৷ তেওঁ কুতুবৰ জীয়েকক বিয়া কৰাইছিল । ১২২৫ খৃঃত S544 Brate