পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৃথ্বীৰাজ আৰু জয়চন্দ্ৰ চৰিত্ৰ :- মামুদ এজন সুনিপুণ যোদ্ধা আৰু সুশাসক আছিল। তেওঁ ধাৰ্ম্মিক আৰু বিদ্যানুৰাগী আছিল। তেওঁ শিক্ষাৰ কাৰণে বহুত অর্থ ব্যয় কৰি ৰাজধানী গজনি নগৰত এটি বিশ্ববিদ্যালয় পাতে। তেওঁৰ ৰাজসভাত ফিডোচি নামে এজন প্ৰসিদ্ধ কবি আছিল। বিখ্যাত পণ্ডিত আলবেরুণি মামুদৰ লগত আহিছিল। আলবেণি :—আলবেকণি এজন বিখ্যাত মুছলমান পণ্ডিত। তেওঁৰ লিখিত বিৱৰণৰ পৰা সেই সময়ৰ হিন্দুবিলাকৰ সাহিত্য, শিক্ষা, সমাজ আদিৰ বিষয়ে জানিব পাৰি । মহম্মদ ঘোৰী :—গজনিৰ ৰজা মহম্মদ ঘোৰী ভাৰতলৈ অহ৷ সময়ত ৰাজপুতবিলাকৰ ভিতৰত ঘৰুৱা কন্দল লাগি আছিল । আনকি তেওঁলোক বিদেশী শত্ৰুৰ বিপক্ষে একেলগ হব নোৱাৰিছিল ৷ কনৌজৰ ৰজা জয়চন্দ্ৰ আৰু আজমীৰৰ ৰজা পৃথ্বীৰাজৰ সততে বিবাদ লাগি আছিল। আৰু পৃথীৰাজ জয়চন্দ্ৰ :—কনৌজৰ জয়চন্দ্ৰ আৰু আজমীৰৰ ৰজ৷ পৃথীৰাজ উভয়ে দিল্লী মহম্মদ ঘোৰী। ৰজাৰ নাতিয়েক আছিল। দিল্লীৰ ৰজা অনঙ্গপাল অপুত্রক আছিল৷ তেওঁ দিল্লীৰ সিংহাসন পৃথীৰাজক গটাই স্বৰ্গী হয়। OTHE ww LPPO