পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী কাচিমে সিন্ধু আৰু মুলতান অধিকাৰ কৰি ভাৰতত মুছলমান ৰাজত্বৰ ভেঁটি প্রতিষ্ঠা কৰে (৭১২ খৃঃ)। গজনিৰাজ্য :—ভাৰতৰ উত্তৰ পশ্চিম ফালে গজনি নামে এখন ৰাজ্য আছিল। আলপ্তগিন নামে এজন তুর্কী বীৰে গজনিৰাজ্য স্থাপন কৰে। তেওঁৰ মৃত্যুৰ পিছত চবক্তগিন গজনিৰ ৰজা হয়৷ তেওঁ কেইবাবাৰে৷ ভাৰত আক্রমণ কৰিছিল । চুলতান মামুদ :—মামুদ ৯৯৭ খৃষ্টাব্দত ১৬ বছৰ বয়সত গজনিৰ চুলতান হয় ৷ তেওঁ সৰুকালৰেপৰা ভাৰতৰ ঐশ্বৰ্য্য বিভূতিৰ কথা শুনি আচৰিত হৈছিল৷ মামুদে ধনৰ লোভত ১৭ বাৰ ভাৰত আক্ৰমণ কৰে। ১০০১ খৃষ্টাব্দত প্রথম বাৰ তেওঁ জয়পালৰ ৰাজ্য আক্রমণ কৰি বহুত ধন-সম্পত্তি লৈ যায় ৷ তেতিয়া জয়পালে মৰ্ম্মান্তিক বেজাৰ পাই পুতেক আনন্দপালক ৰাজ্য গতাইদি প্রাণত্যাগ কৰে। ইয়াৰ পিছত মামুদে নগৰকোট দুৰ্গ আক্ৰমণ কৰে ৷ মামুদে মুলতান, কাশ্মীৰ, মথুৰা, কনৌজ আদি ঠাই লুট- পাট কৰিও অসংখ্য ধন-সোণ লৈ যায় । ১০২২ খৃঃত মামুদে লাহোৰ অধিকাৰ কৰি নিজ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰে। X সোমনাথৰ শিৱমন্দিৰ আক্ৰমণ ঃ—মামুদে ১০২৬ খৃষ্টাব্দত গুজৰাটৰ প্ৰসিদ্ধ সোমনাথ মন্দিৰ আক্ৰমণ কৰে ৷ এই মন্দিৰ অসংখ্য ধন-সোণ, হীৰা-মুকুতা আদি বহুমূলীয়া বস্তুৰ নিমিত্তে বিখ্যাত আছিল৷ সোমনাথ মন্দিৰ লুটপাট কৰি অসংখ্য ধন-সোণলৈ মামুদ দেশলৈ উলটি যায়।