পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

B 1 আৰবীয়ৰ সিন্ধু বিজয় তেওঁৰ বহুত শিষ্য হল। সশিষ্যে মহম্মদে ধৰ্ম্ম প্ৰচাৰ কৰিবলৈ ধৰিলে। এই ধৰ্ম্ম প্ৰচাৰৰ ফলত আৰবৰ সকলো মানুহ মুছলমান হল। এই ধৰ্ম্মৰ নাম ইছলাম ধৰ্ম্ম আৰু এই ধৰ্ম্ম গ্ৰহণ কৰা মানুহবিলাকক মুছলমান বোলে। ৬৩২ খৃষ্টাব্দত মহম্মদৰ মৃত্যু হয়। মুছলমানৰ ভাৰত আক্ৰমণ :—মহম্মদৰ পিছৰ ধৰ্ম্মপ্ৰচাৰক সকলক খলিফা বোলে। খলিফা সকলৰ ধৰ্ম্ম প্ৰচাৰৰ ফলত চিৰিয়া, পেলেষ্টাইন, তুর্কিস্থান, আফগানিস্থান, ইজিপ্ত, উত্তৰ আফ্রিকা আদি ঠাইবোৰত ইছলাম ধৰ্ম্ম প্ৰচাৰ হল। মুছলমান বিলাকে ভাৰততো এই ধৰ্ম্ম প্ৰচাৰ কৰিবলৈ যত্ন কৰিছিল ; কিন্তু বহুদিনলৈকে তেওঁলোক কৃতকাৰ্য্য হব পৰা নাছিল । আৰবীয়ৰ সিন্ধু বিজয় ঃ— অষ্টম শতাব্দীৰ প্রথম ভাগত ডাহিৰ নামে এজন হিন্দুৰজাই সিন্ধুদেশত ৰাজত্ব কৰিছিল ৷ আৰব বেপাৰী সকলৰ কেইখন মান বেপেৰুৱ৷ জাহাজ ভাৰতীয় জলদস্যুয়ে লুটপাট কৰা বুলি আৰবৰ শাসনকৰ্ত্তাই ডাহিৰৰ পৰা ক্ষতিপূৰণ বিচাৰে। সিন্ধুৰাজ ডাহিৰে ইয়াক অস্বীকাৰ কৰাত খলিফাই অপমান বোধ কৰি তেওঁৰ বিৰুদ্ধে এক অভিযান আৰম্ভ কৰে। প্ৰথমতে আৰব বিলাকে জয় লাভ কৰিব পৰা নাছিল । ৭১১ খৃষ্টাব্দত খলিফাই মহম্মদ বিন কাচিমক এটা বিৰাট ফৌজ দি সিন্ধুৰাজ্য আক্ৰমণ কৰিবলৈ পঠালে ৷ বিনকাচিম যুদ্ধত জয়ী হল। ডাহিৰে বৰ সাহেৰে যুঁজিও ৰণক্ষেত্ৰত প্ৰাণ এৰিলে৷ ইয়াৰ পিছত মহম্মদ বিন