পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় খণ্ড। মুছলমান ৰাজত্ব। প্রথম অধ্যায়। হজৰত মহম্মদ:– ৫৭০ খৃঃত আৰব দেশৰ মক্কা নগৰত মহাপুৰুষ মহম্মদৰ জন্ম হয়। তেওঁৰ বাপেকৰ নাম আবদুল্লা আৰু মাকৰ নাম আমিনা আছিল৷ কেচুৱা কালতে তেওঁ পিতৃমাতৃহীন হয়। গৌতমৰ দৰে তেৱেঁ৷ সৰুকালৰে পৰা চিন্তাশীল আছিল। সেই সময়ত আৰবীবিলাক বৰ উচ্ছৃঙ্খল আছিল। তেওঁলোকে বিভিন্ন দেৱতাৰ মূৰ্ত্তি-পূজা কৰিছিল। ইয়াৰ প্ৰতিকাৰৰ উপায় বিচাৰি তেওঁ চিন্তাত মগ্ন হল। কিছুদিনৰ পিছত তেওঁ সত্যৰ সন্ধান পালে আৰু তাকেই আৰবীবিলাকৰ মাজত প্ৰচাৰ কৰিবলৈ ধৰিলে । তেওঁৰ মতে ঈশ্বৰ এজন আৰু তেৱেঁই আল্লা। মূৰ্ত্তি-পূজা কৰা বৰ অন্যায় কাম । মহম্মদৰ ধৰ্ম্ম-বাণী শুনি আৰবী বিলাক তেওঁৰ বিৰুদ্ধে থিয় হল ৷ তেওঁ মক্ক৷ এৰি ৬২২ খৃষ্টাব্দত মদিনালৈ পলাই গল। তেওঁ মক্কাৰ পৰা মদিনালৈ পলোৱা কালৰ পৰা মুছলমান শতাব্দী হিজৰি আৰম্ভ হয়। তাত অলপ সময়ৰ ভিতৰতে