পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী পাল বংশ : যশোবর্ম্মন, ললিতাদিতা আদি ৰজাসকলে বঙ্গদেশ আক্রমণ কৰাৰ ফলত গোটেই বঙ্গদেশ অৰাজক এনেতে ৭৫০ খৃঃত সকলো প্ৰজাই গোট খাই গোপাল নামে এজনক ৰজা বাছি লয় । তেৱেঁই পাল বংশৰ আদি ৰজা কিন্তু আচল প্রতিষ্ঠাতা ধৰ্ম্মপালকহে বুলিব পাৰি । উত্তৰ ভাৰতৰ বহুতো ৰজাই ধৰ্ম্মপালৰ অধীনতা স্বীকাৰ কৰিছিল । তেওঁৰ পুতেক দেবপাল বৰ ৰণ-নিপুণ আৰু প্ৰতাপী ৰজা আছিল। তেওঁ কামৰূপ আৰু উৰিষ্য৷ জয় কৰিছিল। দেবপালৰ পিছৰ পৰা পাল ৰজা সকল দুর্ববল হোৱাত এই বংশৰ পতন আৰম্ভ হয়। 48 সেন বংশঃ ——পাল বংশৰ পিছত সেন বংশই বঙ্গদেশৰ সিংহাসন অধিকাৰ কৰে। বিজয় সেনেই সেন বংশৰ আচল প্রতিষ্ঠাতা। বিজয় সেনে কামৰূপ আৰু কলিঙ্গ জয় কৰিছিল । বিজয় সেনৰ পিছত বল্লালসেন ৰজা হয়। তেওঁ বিদ্বান আৰু সুশাসক আছিল। তেওঁৰ পিছত লক্ষ্মণসেন ৰজা হয়। তেৱেঁই বঙ্গদেশৰ শেষ পৰাক্ৰমী হিন্দু ৰজা। কামৰূপ, কলিঙ্গ আৰু কাশীৰ ৰজাক এঁৱো পৰাজিত কৰিছিল । ১২০২ খৃঃত মুছলমানে বঙ্গদেশ আক্ৰমণ কৰাত তেওঁ ৰাজ্য এৰি পলাই যায়। গুৰ্জ্জৰ প্ৰতিহাৰ বংশ :——প্ৰতিহাৰ বিলাক গুৰ্জ্জৰ জাতিৰ এটা শাখা। উত্তৰ ভাৰতৰ কেইবাখনো ঠাইত এওঁলোকে ৰাজ্য পাতিছিল । নাগভট্ট, বৎসৰাজ, ভোজ, মহেন্দ্রপাল এই বংশৰ উল্লেখযোগ্য ৰজা আছিল। প্ৰতিহাৰ ৰাজ্যৰ ৰাজধানী আছিল কনৌজ।