চালুক্য ৰাজ্যঃ— উত্তৰ ভাৰতত কনৌজ ৰাজ্যই সমৃদ্ধি লাভ কৰা সময়তে দাক্ষিণাত্যত চালুক্য বংশৰ ৰজাসকলো প্ৰতাপী হৈ উঠে। তেওঁলোকৰ ৰাজধানী আছিল বিজাপুৰ জিলাৰ বাতাপি। দ্বিতীয় পুলকেশী এই বংশৰ সৰ্ব্বশ্ৰেষ্ঠ ৰজা আছিল। এওঁ হৰ্ষবৰ্দ্ধনকো পৰাস্ত কৰিছিল। কিন্তু পল্লৱ বংশৰ ৰজা নৰসিংহই তেওঁক যুদ্ধ ঘটুৱাই বধ কৰে। ৭৫৩ খৃঃত ৰাষ্ট্ৰকুট ৰজা দন্তিদুৰ্গই চালুক্য ৰাজ্য কাঢ়ি লয়।
ৰাষ্ট্ৰকুট বংশঃ—এই বংশৰ প্ৰতিষ্ঠাতা দন্তিদুৰ্গ। দন্তিদুৰ্গৰ পিছত কৃষ্ণ ৰজা আছিল। তেওঁৰ দিনতে ইলোৰাৰ কৈলাসমন্দিৰ সজোৱা হয়। এই বংশৰ অমোঘবৰ্ষ এজন বৰ বাহুবলী ৰজা আছিল। কল্যাণৰ চালুক্য বংশৰ বল বাঢ়ি অহাত ৰাষ্ট্ৰকুট বংশ লোপ পায়।
ৰাজপুতবিলাকঃ—কনৌজৰ ৰজা যশোবৰ্ম্মনৰ মৃত্যুৰ পিছত তেওঁৰ ৰাজ্য ক্ৰমাৎ লোপ পাবলৈ ধৰে আৰু এই সময় ছোৱাতে ৰাজপুত জাতি উত্তৰ ভাৰতত প্ৰৱল প্ৰতাপী হৈ উঠে। ৰাজপুতবিলাকৰ উৎপত্তি সম্পৰ্কে নানা মত আছে। তেওঁলোকে নিজক সূৰ্য্য আৰু চন্দ্ৰবংশৰ সতি-সন্ততি বুলি পৰিচয় দিয়ে। ৰাজপুতবিলাক সম্ভবতঃ, শক, হুন প্ৰভৃতি বিদেশী জাতিৰ বংশধৰ। ৰাজপুতবিলাক যুদ্ধ-নিপুণ, যুদ্ধপ্ৰিয়, সাহসী আৰু সত্যবাদী। ৰাজপুত তিৰোতাসকলো সাহসী আৰু পতিপৰায়ণা আছিল। ৰাজপুত বংশবিলাকৰ ভিতৰত প্ৰধান আছিল— প্ৰতিহাৰ, পৰমাৰ, চৌহান, ৰাঠোৰ, চৌলুক্য আৰু চন্দেল্ল। এওঁলোকে ভাৰতৰ নানা ঠাইত ৰাজ্য পাতিছিল।