পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বাদশ অধ্যায়। হৰ্ষৰ পিছত ভাৰতৰ ৰাজনৈতিক অৱস্থা ৷ কনৌজ ঃ—মহাৰাজ হৰ্ষবৰ্দ্ধনৰ ৰাজত্ব কালৰ পৰা কনৌজ উত্তৰ ভাৰতৰ ৰাজনৈতিক কেন্দ্ৰত পৰিণত হয়। শক্তিশালী ৰজাসকলে কনৌজ অধিকাৰ কৰি সম্রাট পদবী অৰ্জন কৰা অতি গৌৰবৰ বিষয় বুলি ভাবিছিল। সেই কাৰণে হৰ্ষৰ সময়ৰ পৰা মুছলমানৰ ভাৰত বিজয় পৰ্য্যন্ত কনৌজৰ আধিপত্য লৈ বহু যুদ্ধবিগ্রহ চলিছিল। তিনিটা ডাঙৰ ৰাজবংশই এই সংঘৰ্ষত বিশেষ- ভাবে অংশ গ্ৰহণ কৰিছিল— পালবংশ, গুৰ্জৰ-প্ৰতিহাৰ বংশ আৰু দাক্ষিণাত্যৰ ৰাষ্ট্ৰকুট বংশ৷ অৱশেষত গুৰ্জ্জৰ-প্ৰতিহাৰ বংশই কনৌজ অধিকাৰ কৰি এক বিশাল সাম্রাজ্য স্থাপন কৰে । যশোবৰ্ম্মণ ঃ—হৰ্ষবৰ্দ্ধনৰ মৃত্যুৰ পিছত যশোবৰ্ম্মণ কনৌজৰ ৰজা হয়। তেওঁ মগধ আৰু গৌড় ৰজাক পৰাজয় কৰি উত্তৰ ভাৰতৰ বহুতো ঠাই জয় কৰিছিল ৷ কিন্তু শেষত কাশ্মীৰৰ ৰজা ললিতাদিত্যই তেওঁক যুদ্ধত ঘটুৱাই তেওঁৰ সাম্ৰাজ্য কাঢ়ি লয় ৷ ললিতাদিত্য :—ললিতাদিত্য কাশ্মীৰৰ এজন বাহুবলী ৰজ৷ আছিল ৷ “ৰাজতৰঙ্গিণী” নামৰ পুথিত তেওঁৰ ৰাজ্য জয়ৰ বিৱৰণ পোৱা যায় ৷ এওঁৰ দিনত কাশ্মীৰ ৰাজ্যই উত্তৰ ভাৰতত প্রথম স্থান লাভ কৰিছিল ৷ তেওঁ বহুত ধুনীয়৷ নগৰ, বিতোপন মঠ-মন্দিৰ সজায়। তেওঁৰ মৃত্যুৰ পিছত কাশ্মীৰৰ বিক্ৰম কমি আহিবলৈ ধৰে। 1