পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

একাদশ অধ্যায়। থানেশ্বৰ ৰাজ্য । প্রভাকৰবৰ্দ্ধন :—৬ষ্ঠ শতাব্দীৰ শেষ ভাগত ‘থানেশ্বৰত প্রভাকৰবৰ্দ্ধন নামে এজন ৰজা প্রতাপী হৈ উঠে। তেওঁ মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰে। তেওঁৰ ৰাজত্বৰ শেষ ছোৱাত পুতেক ৰাজ্যবৰ্দ্ধনে হুনবিলাকক সমূলে ধ্বংস কৰে । তেওঁ ৰাজ্যবৰ্দ্ধন আৰু হর্ষবৰ্দ্ধন নামেৰে দুজন কোৱঁৰ আৰু ৰাজ্যশ্ৰী নামে এজনী কন্যা থৈ স্বৰ্গী হয়। তেওঁৰ পিছত ৰাজ্যবৰ্দ্ধন ৬০৫ খৃঃত ৰজা হয়। ৰাজ্যবৰ্দ্ধন ঃ—এওঁ ৰজা হোৱাৰ অলপ পিছতে এটা ঘৰুৱা বিপদ হয়। তেওঁৰ ভনীয়েক ৰাজ্যশ্ৰীক গ্ৰহবৰ্ম্মণ মৌখাৰীয়ে বিয়া কৰাইছিল ৷ মালৱৰ ৰজা দেৱগুপ্তই ছলচক্রান্ত কৰি ৰজাৰ বৈনায়েকক হত্যা কৰি ৰাজ্যশ্ৰীক বন্দীশালত ৰাখিলে। তেওঁ এই সংবাদ পায়েই সসৈন্যে দেৱগুপ্তৰ বিৰুদ্ধে ওলাল ; কিন্তু বাটতে বঙ্গদেশৰ ৰজা শশাঙ্কই দেৱগুপ্তৰ লগ লাগি চক্রান্ত কৰি ৰাজ্যবৰ্দ্ধনক বধ কৰিলে । হর্ষবৰ্দ্ধন ঃ—(খৃঃ ৬০৬–৬৪৭ খৃঃ লৈ ) হর্ষবৰ্দ্ধন ৰজা হৈয়েই ৰাজ্যশ্ৰীৰ উদ্ধাৰৰ অৰ্থে মালৱলৈ যাত্ৰা কৰিলে; কিন্তু বাটতে তেওঁ শুনিবলৈ পালে যে 1