পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী ৰাজ্যশ্ৰীয়ে বন্দীশালৰ পৰা ওলাই বিন্ধ্য পর্ববতত আশ্রয় ললেগৈ। হর্ষবন্ধনে দেৱগুপ্তক হৰুৱাই শশাঙ্কৰ বিৰুদ্ধে যাত্ৰা কৰিলে। তেওঁ অহা শুনি শশাঙ্ক পলাই গল। তেতিয়৷ তেওঁ ৰাজ্যশ্ৰীক বিচাৰি বিন্ধ্য পৰ্ববতৰ ফাললৈ গল । 86 হর্ষবৰ্দ্ধন । ৰাজ্যশ্ৰীয়ে মগধত চিৰকাল বৌদ্ধ ভিক্ষুকিণী হৈ কাল কটায়। ভনীয়েকৰ ৰাজ্য কনৌজ হৰ্ষৰ হাতলৈ আহিল আৰু এই কনৌজলৈকে হৰ্ষৰ ৰাজধানী তুলি নিয়া হল । হর্ষই শশাঙ্কক যুদ্ধত হৰুৱাই তেওঁৰ ৰাজ্য বঙ্গদেশ নিজৰ অধীনলৈ আনে। তাৰ পিছত তেওঁ দিগ্বিজয়ৰ অভিপ্রায়ে যাত্র৷ কৰে৷ পিছে নৰ্ম্মদাৰ ওচৰত চালুক্য ৰজা প্রতাপী দ্বিতীয় পুলকেশীয়ে তেওঁক ৬২০ খৃঃত পৰাস্ত কৰে।