পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8€ দ্বিতীয় চন্দ্রগুপ্ত মঠ-মন্দিৰৰ কাৰুকাৰ্য্য অতি বিতোপন আছিল ; বিখ্যাত অজন্তা গুহাৰ কাৰুকাৰ্য্য চালে চকুৰোৱা আছিল। মহাকবি কালিদাসে শকুন্তল৷ নাটক, মেঘদূত, ৰঘুবংশ, কুমাৰসম্ভৱ আদি সাৰুৱা সংস্কৃত কাব্য লিখি সংস্কৃত ভাষাৰ উন্নতি সাধন কৰিছিল । অশ্বঘোষ আৰু ভাৰবী সেই সময়ৰ বিখ্যাত কবি আছিল । আৰ্য্যভট্ট নামেৰে পণ্ডিত এজনে জ্যোতিষ আৰু বিজ্ঞান বিষয়ৰ কেইবাখনে৷ পুথি লিখিছিল। 1 দেশ ধন-সোণ, ঐশ্বৰ্য্যবিভূতিৰে উপচি পৰিছিল ৷ ভাৰতীয় ধৰ্ম্ম, সভ্যতা চাৰিওপিনে প্ৰচাৰ হৈছিল। চীন, কোৰিয়া, জাপান, কাম্বোডিয়া, যৱদ্বীপ, শ্যাম, মালয় উপদ্বীপ, সুমাত্রা আদি ঠাইত ভাৰতীয় সভ্যতা বিয়পি পৰিছিল। এই কেইখন দেশৰ লগত বেহা-বেপাৰৰ সম্বন্ধও আছিল। তাম্রলিপ্তি ( বর্তমান তমলুক ) পূৰ্বভাৰতৰ প্ৰধান বন্দৰ আছিল ৷ যশোধর্ম্মন্ ঃ—গুপ্ত বংশ লোপ পোৱাৰ পিছত যশোধর্ম্মন্ নামে এজন প্ৰতাপী ৰজাই মালৱত এখন স্বাধীন ৰাজ্য পাতে । তেওঁ এজন অসাধাৰণ বীৰ আৰু প্ৰতাপী ৰজা আছিল। ৫৩২ খৃঃত কাহাৰু নামেৰে ঠাইত তেওঁ মগধৰ ৰজা বালাদিত্যৰে সৈতে দুৰ্দ্দান্ত হুনবিলাকক পৰাস্ত কৰি ভাৰতৰ পৰা খেদি দিয়ে ৷ মৌখাৰি ফৈদ :—যশোধৰ্ম্মনৰ পিছত বৰ্তমান আগ্ৰ৷ আৰু অযোধ্যাপ্ৰদেশৰ মাজৰ অঞ্চলত মৌখাৰি নামে এটা ফৈদ প্ৰতাপী হৈ উঠে। প্ৰায় ৫০ বছৰকাল এই ফৈদটোৱেই দুৰ্দ্দান্ত হুনবিলাকক দমন কৰি ৰাখে ।