পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী প্ৰায়েই নহৈছিল। বেমাৰীৰ শুশ্রূষা কৰিবলৈ দাতব্য ঔষধালয় আছিল। ৰাজকৰ নিয়মিয়া আছিল। কৰ্ম্মচাৰীবিলাকে প্ৰজাৰ পৰা অযথাভাৱে ৰাজকৰ আদায় নকৰিছিল। প্ৰজাবিলাক সত্যবাদী, মিঠামুখীয়া আৰু মিতব্যয়ী আছিল। তেওঁলোকৰ সৰহভাগেই নিৰামিষী আছিল ; নহৰু, পিঁয়াজে৷ তেওঁলোকৰ অভক্ষ্য আছিল। বজাৰত মদ-মাংসৰ দোকান নাছিল । সেই সময়ত বৌদ্ধ ধৰ্ম্ম লাহে লাহে লোপ পাই আহিছিল। 88 প্রথম কুমাৰ গুপ্তঃ (৪১৩–৪৫৫ খৃঃ লৈ ) — দ্বিতীয় চন্দ্রগুপ্তৰ মৃত্যুৰ পিছত কুমাৰগুপ্ত ৰাজপাটত বহে। তেওঁ ককাকক অনুসৰণ কৰি এটি অশ্বমেধযজ্ঞ পাতিছিল। এওঁৰ দিনতে হুন আৰু পুষ্যমিত্রবিলাকে গুপ্ত সাম্ৰাজ্য আক্ৰমণ আৰম্ভ কৰেহি৷ কুমাৰগুপ্ত আৰু যুবৰাজ স্কন্ধগুপ্তৰ চেষ্টাত গুপ্ত সাম্ৰাজ্য ৰক্ষ৷ পৰিছিল ৷ স্কন্দগুপ্ত ( ৪৫৫–৪৬৭) :— কুমাৰগুপ্তৰ পিছত স্কন্দগুপ্ত গুপ্ত সিংহাসনত আৰোহণ কৰে। তেওঁৰ দিনত হুনবিলাকে কেইবাবাৰে৷ ভাৰত আক্ৰমণ কৰে ৷ স্কন্দগুপ্তই হুন বিলাকক পৰাস্ত কৰি বিক্রমাদিত্য উপাধি লয় । স্কন্দগুপ্তৰ পিছৰ ৰজা সকলৰ দিনৰ পৰা গুপ্ত সাম্ৰাজ্যৰ পতন আৰম্ভ হয়। শেষৰ অকামিল৷ গুপ্তৰজা কেইজনৰ পৰা হুনবিলাকে মালৱ, ৰাজপুতন৷ আৰু পঞ্জাৱ কাঢ়ি লয় ৷ গুপ্তযুগৰ সভ্যতা :—গুপ্ত ৰজাসকলৰ দিনত দেশৰ অৱস্থা চাৰিওপিনে উন্নত আছিল। শিল্প, কলা, সাহিত্য, বিজ্ঞান, বেহা- বেপাৰৰ বহুল উন্নতি হৈছিল ৷ 2