পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী হুনঃ—হুনবিলাক মধ্য-এচিয়াৰ আদিমবাসী তেওঁ- লোক মঙ্গোলীয়ান জাতিৰ মানুহ। হুনবিলাক অতি দুর্দান্ত প্ৰকৃতিৰ আছিল। এই দুৰ্দ্দান্ত জাতিৰ এটা ঠালে দলে দলে আহি ভাৰতত সোমাই পঞ্জাৱ অধিকাৰ কৰে। সিহঁতৰ নায়ক তোৰামনে মগধ ৰজাৰ পৰা মালৱ কাঢ়ি লয়। শেষৰ গুপ্ত ৰজা কেইজনৰ দিনত সিহঁতৰ প্ৰভাৱ বাঢ়ি আহে। তাকে দেখি ভাৰতীয় ৰজা জনদিয়েক বিদেশী শত্ৰুৰ বিৰুদ্ধে লগ লাগে। মগধৰ বালাদিত্য আৰু উজ্জয়িনীৰ যশোধৰ্ম্মণ ৰজাই ৫২৮ খৃঃত কাহাৰুৰ (মুলতানৰপৰা ৫০ মাইল দূৰ ) যুঁজত হুনবিলাকক পৰাস্ত কৰে। তোৰামনৰ পুতেক অত্যাচাৰী মিহিৰগুল পলাই কাশ্মীৰৰ ৰজাৰ আশ্রয় লয়গৈ। কুশান :—কুশানবিলাক ইউয়েচি বিলাকৰ এটা ঠাল। তেওঁলোকে আদিতে চীনৰ উত্তৰ-পশ্চিম সীমান্তত বাস কৰিছিল। পিছত দলে দলে আহি শকবিলাকৰ দৰে অক্সাচ্ নৈৰ পাৰত ৰাজ্য স্থাপন কৰে। কিছুদিন একেলগে থকাৰ পিছত তেওঁলোকৰ পাঁচোটা ঠাল হল আৰু প্ৰত্যেকেই বেলেগ বেলেগ ঠাইত বাস কৰিবলৈ ধৰিলে। তাৰে এটা ঠাল কুজল কেদফিচৰ তলত সকলোতকৈ শক্তিশালী হৈ উঠি গ্ৰীকৃবিলাকৰ আফগানিস্থান অধিকাৰ কৰিলে । খৃঃত তেওঁৰ তেওঁৰ পিছত পুতেক ওৱেমা হয় কেদফিচ নাম লৈ ৰজা হয়। তেওঁ ভাৰতত সোমাই পোনতে পঞ্জাৱ জয় কৰে আৰু