পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নবম অধ্যায়। বিদেশীৰ আক্রমণ। গ্ৰীক্ ঃ—মগধ ৰাজ্যৰ ক্ষমতা কমি অহাত তলতীয়৷ শাসন কৰ্ত্তাবিলাক মূৰ দাঙি উঠিল। এনেতে বেকটি য়াৰ গ্ৰীকবিলাকে ভাৰতৰ উত্তৰ-পশ্চিম অঞ্চল আক্রমণ এই বংশৰ প্ৰধান ৰজ৷ মিনেন্দাৰে কাবুল, পঞ্জাৱ, পাটলিপুত্ৰ, আক্রমণ কৰিছিল ; কিন্তু মগধৰ ৰজা পুষ্যমিত্রই গ্রীকৃবিলাকক ভাৰতৰ পৰা খেদি দিয়ে। মিনেন্দাৰৰ মুদ্ৰা শক আৰু ইউয়েচি :– শকবিলাকক ইউয়েচি নামৰ এজাতি মানুহে বেক্‌টিয়াৰ পৰা খেদি পঠায়। তেতিয়া শকবিলাকে ভাৰতৰ উত্তৰ-পশ্চিম অঞ্চললৈ আহি তাত কেইবাখনো ৰাজ্য পাতে। পিছে 'এই আটাইবোৰৰ ভিতৰত মালৱ আৰু গুজৰাটেই কিছুকাল স্থায়ী হয়। শকবিলাকে দাক্ষিণাত্যলৈকে ৰাজ্য বিস্তাৰ কৰিছিল; কিন্তু অন্ধ্রবিলাকে তেওঁলোকক তাৰপৰা খেদি পঠায়। শকবিলাকে মুঠতে চতুর্থ শতাব্দীৰ শেষ ভাগলৈকে ৰাজত্ব কৰিছিল। গুপ্তসম্রাট দ্বিতীয় চন্দ্ৰগুপ্তই সিহঁতক পৰাস্ত কৰে ৷