পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কণিষ্ক শেষত গৈ প্ৰায় গোটেই উত্তৰ ভাৰতৰ অধিপতি হয়। ২য় কেদফিচে ৰোমৰ সম্ৰাট এজনৰ ওচৰলৈ কটকী পঠিয়াইছিল। তাৰ পৰা বুজা যায় যে, তেতিয়াৰ কালতো ৰোম আৰু ভাৰতৰ ভিতৰত বেহা-বেপাৰৰ চলাচল আছিল। ✓ কণিষ্ক ( ৭৮ খৃঃ–১২৭ খৃঃ লৈ )। 19 ৭৮ খৃঃত কুশান ফৈদৰ কণিষ্ক ৰাজপাটত বহে। তেওঁ ভাৰতৰ পুৰুষপুৰত (পেছোৱাৰত ) ৰাজধানী পাতে ৷ তেওঁ কাশ্মীৰ, কাছগৰ, ইয়াখণ্ড, খোটান আদি দেশ জয় কৰি ক্ৰমাৎ দক্ষিণ ভাৰতৰ বিন্ধ্য পর্ববতলৈকে ৰাজ্য বঢ়ায়। পিছত তেওঁ চীন দেশ জয় কৰে। তেওঁৰ সুবিশাল ৰাজ্য কাস্পিয়ান সাগৰৰ পৰা কাশীলৈকে আৰু দক্ষিণ ভাৰতৰ বিন্ধ্য পৰ্ববতলৈকে জুৰি আছিল । ৪র্থ বৌদ্ধ মহামেলঃ—কণিষ্ক এজন নৈষ্ঠিক বৌদ্ধ আছিল। তেওঁৰ দিনতে ৪ৰ্থ বৌদ্ধ মহামেল পতা হয়। এই মহামেলত বৌদ্ধ ধৰ্ম্মৰ বিষয়ে জটিল প্রশ্নবিলাক আলোচনা কৰা হৈছিল । বৌদ্ধ ধৰ্ম্মৰ নিয়ম কাৰণ এই সভাতে কিছু সাল-সলনি কৰা হয় । তেওঁ অনেক বৌদ্ধ মঠ আৰু স্তুপ নিৰ্মাণ কৰাইছিল । তেওঁ পেছোৱাৰত বুদ্ধৰ কীৰ্ত্তি-চীন থকা ঠাইত এটা ডাঙৰ চালে চকু ৰোৱা স্তম্ভ সজায়। এই স্তম্ভৰ ভগ্নাৱশেষ অলপতে আবিষ্কাৰ কৰা হৈছে। মথুৰাত কণিষ্কৰ প্ৰতিমূৰ্ত্তি এটাও পোৱা হৈছে আৰু তেওঁৰ দিনৰ ভালেমান মুদ্রাও খানি উলিওৱা হৈছে।