পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অষ্টম অধ্যায় । শুঙ্গবংশ (খৃঃ পূঃ ১৮৪–খৃঃ পূঃ ৭২)। পুষ্যমিত্র খৃঃ পূঃ ১৮৪ ত মগধৰ ৰাজপাটত উঠে। এওঁৰ ৰাজ্য দক্ষিণে নৰ্ম্মদ৷ নদী আৰু উত্তৰে বিপাশা নদী পর্যন্ত বিস্তৃত আছিল। পুষ্যমিত্র অতি বাহুবলী ৰজা আছিল; এওঁ দুবাৰ অশ্বমেধ যজ্ঞ পাতিছিল। এওঁৰ মৃত্যুৰ পাছত অগ্নিমিত্ৰ ৰঙ্গ। হয়। অগ্নিমিত্ৰৰ পিছৰ ৰজা সকল দুর্ববলী আছিল। জন ৰজা দেবভূতিক হত্যা কৰি মন্ত্ৰী বাসুদেৱ কাৰ্থই কান্ধবশ স্থাপন কৰে । কাণ্ববংশ (খৃঃ পূঃ ৭২–খৃঃ পূঃ ২৭ )। এই বংশৰ চাৰ্জিন ৰজাই মগধত ৰাজত্ব কৰে; কিন্তু তেওঁলোকৰ বিষয়ে সবিশেষ বিৱৰণ পোৱা নাযায়। চতুর্থ জন ৰজাক অন্ধ্ৰ বংশৰ ৰাজকোঁৱৰ এজনে হত্যা কৰি নিজে ৰাজপাটত উঠে। অন্ধৰ সাতবাহন বংশঃ — গোদাবৰী আৰু কৃষ্ণা নৈৰ মাজৰ উপত্যকা অঞ্চল অন্ধ্ৰ সকলৰ বাসস্থান। আমি বি অন্ধ্র ৰাজবংশৰ নাম বুৰঞ্জীত পাওঁ তেওঁলোকক আচলতে সাতবাহন বুলিহে জনা যায়। সাতবাহন বংশ সিমুকে স্থাপন কৰে। বংশৰ তৃতীয় ৰজা শতকর্ণীয়ে সাতবাহন ৰাজ্যৰ সীমা বঢ়াই বংশৰ গৌৰৱ বৃদ্ধি কৰিছিল৷ খৃষ্টীয় প্রথম শতাব্দীৰ শেষ ভাগত শক বিলাকে সাতবাহন ৰাজ্যৰ কিছু অংশ অধিকাৰ কৰে। এই বংশৰ শেষ উল্লেখযোগ্য ৰজা যজ্ঞশ্রীশতকর্ণীৰ মৃত্যুৰ পিছৰ পৰা সাতবাহন বংশৰ পতন হয়।