পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩
অশোক


২৩২ ত তেওঁৰ মৃত্যু হয়। পৃথিবীৰ বুৰঞ্জীত অশোকৰ স্থান অতি ওখত আৰু কোনো সম্ৰাটে তেওঁৰ দৰে এই ৰাজসম্মানৰ অধিকাৰী হব পৰা নাই।

 অশোকৰ সাম্ৰাজ্য :- অশোকৰ সাম্ৰাজ্য উত্তৰে হিন্দুকুশ পৰ্ব্বতৰ পৰা দক্ষিণে পেনাৰ নৈ পৰ্য্যন্ত আৰু পূবে কামৰূপৰ পৰা পশ্চিমে সৌৰাষ্ট্ৰলৈকে জুৰি আছিল।

 অশোকৰ মৃত্যুৰ পিছত ৰাজ্যৰ অৱস্থাঃ—অশোকৰ মৃত্যুৰ পিছত মগধৰাজ্যত বিভ্ৰাট ঘটিবলৈ ধৰে। তেওঁৰ পিছৰ ৰজা কেইজন দুৰ্ব্বল আৰু অকামিল৷ হোৱাত ৰাজ্যৰ বান্ধ ঢিলা হৈ আহিল। অন্ধ্ৰবিলাকে কলিঙ্গ দখল কৰিলে। গ্ৰীক ৰাজ- কোৱঁৰ মিনেন্দাৰে সিন্ধু নৈৰ পাৰৰ ঠাইডোখৰ আৰু গুজৰাট জয় কৰি পাটলিপুত্ৰ পায়হি। তেওঁ আৰু আগুৱাবলৈ যো-জা কৰিছিল এনেতে মগধৰ সেনাপতি পুষ্যমিত্ৰৰ হাতত তেওঁ পৰাজিত হয়। ব্ৰাহ্মণ সেনাপতি পুষ্যমিত্ৰই মগধৰ শেষ ৰজাক বধ কৰি ৰাজ পাটত উঠে। তেওঁৰ বংশক মিত্ৰবংশ বা শুঙ্গবংশ বোলে।

প্ৰশ্ন।

 ১।চমু টোকা লিখাঃ—অজাতশত্ৰু, ধননন্দ।

 ২। আলেক্‌জেণ্ডাৰ কোন? তেওঁ, কেতিয়া আৰু কোন পিনে ভাৰতত সোমায়? ঝীলামৰ ৰণ কাৰ কাৰ ভিতৰত লাগিছিল? সেই -ৰণৰ ফলাফল কি হল?

 ৩। বৌদ্ধ ধৰ্ম্মৰ মূল মত কি? জৈন ধৰ্ম্মৰ লগত ইয়াক ৰিজোৱ।

 ৪। মেগেস্থিনিচৰ টোকাৰ পৰ৷ আমি ভাৰতৰ বিষয়ে কি জানিব পাৰো?

 ৫। অশোকে বৌদ্ধ ধৰ্ম্ম প্ৰচাৰাৰ্থে কি কি উপায় অবলম্বন কৰিছিল?

 ৬। কি কি কাৰণত অশোকক পৃথিবীৰ ভিতৰত এজন শ্ৰেষ্ঠ ৰজা বুলিব পাৰি?