পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হাতত আছিল। সেই সভাখন ৫ জন সভ্যৰে গঠিত ৬টা শাখাত বিভক্ত আছিল। প্রত্যেক শাখাৰ ওপৰত সুকীয়া কামৰ ভাৰ আছিল; যেনে জন্ম-মৃত্যুৰ বিৱৰণ ৰখা, বিদেশী সকলৰ তত্ত্বাৱধান লোৱা, কৰ-কাটল তোলা, বেহা-বেপাৰ নিয়ন্ত্রণ কৰা ইত্যাদি। সৈন্যবাহিনী :-- ছয় লাখ পদাতিক, ত্রিশহেজাৰ অশ্বাৰোহী, নহেজাৰ হাতী আৰু অসংখ্য ৰথেৰে চন্দ্রগুপ্তৰ সৈন্যবাহিনী গঠিত হৈছিল। ৰাজধানী শাসনৰ দৰে সৈন্য-বিভাগ পৰিচালনাৰ ভাৰো ৩০ জন সভ্যৰে গঠিত এখন সভাৰ ওপৰত দিয়া হৈছিল। এই সভাখনো ৫জন সভ্যৰে গঠিত ৬টা শাখাত বিভক্ত আছিল। নৌ-বহৰ, ৰথ, হাতী, অশ্বাৰোহী, পদাতিক আদিৰ তত্ত্বাৱধান লোৱা, ৰচদ-পাতি সংগ্ৰহ কৰা আদিৰ ভাৰ একোটি শাখাৰ ওপৰত দিয়া হৈছিল। সৈন্য- বিলাকে ৰাজভৰালৰ পৰা বেতন পাইছিল। শাসনব্যবস্থা : -মেগেস্থিনিচব মতে চন্দ্রগুপ্তৰ শাসন-ব্যবস্থা অতি সুন্দৰ আছিল। আইন বৰ কঠোৰ আছিল। কোনো কোনো অপৰাধত হাত-ভৰি, নাক-কাণ কটাৰ বিধান আছিল। ৰাজ্যৰ চোৰাংচোৱাবোৰে ৰজাক নিতৌ দেশৰ সকলো খা-খবৰ যোগাইছিল। মাটি জৰিপ, ৰাজহ আদায়, জল সিঞ্চন আদি জনহিতকৰ কামবোৰৰ ভাৰ বেলেগ একশ্ৰেণীৰ অধ্যক্ষ বা ৰাজপুৰুষৰ ওপৰত দিয়া হৈছিল । উৎপন্ন শস্যৰ চাৰিভাগৰ এভাগ ৰাজকৰ হিচাবে নিৰ্দ্ধাৰিত হৈছিল।