পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

t ORTAS 3 মৌর্য সাম্রাজ্য প্রায় ২৪ বছৰ ৰাজত্ব কৰাৰ পাছত মহীশুৰৰ শ্ৰবণ বেলগোলা নামে ঠাইত চন্দ্ৰগুপ্তৰ মৃত্যু হয়। মেগেস্থিনিচৰ টোকা ঃ—গ্রীক কটকী সুপণ্ডিত মেগে- । স্থিনিচে ১৫ বছৰ কাল ভাৰতৰ বিভিন্ন ঠাইবোৰ ফুৰি-চাকি ভাৰতৰ বিষয়ে এটি টোকা লিখে। - २१ সমাজ ঃ—মেগেস্থিনিচে লিখি থৈ গৈছে যে, ভাৰতবৰ্ষত সেই সময়ত মানুহবিলাক সাত ভাগত বিভক্ত আছিল :— দার্শনিক, খেতিয়ক, যোদ্ধা, পশু পালক আৰু চিকাৰী, কাৰিকৰ আৰু বেপাৰী, পৰ্য্যবেক্ষক আৰু গুপ্তচৰ, অমাত্য। মানুহবিলাক সত্যবাদী, সাহিয়াল, সৰল আৰু আড়ম্বৰশূন্য আছিল। চোৰ একৰকম নাছিল বুলিলেই হয়। বন্দী-বেটীৰ প্ৰথা নাছিল৷ প্ৰজাই কেতিয়াবাহে ৰজাৰ ওচৰত গোচৰ দিবলৈ গৈছিল । প্রজাবিলাকে সততে সুখ-শান্তিৰে বাস কৰিছিল। দেশ শস্যৰে নদন-বদন আছিল। দুর্ভিক্ষ প্রায় নাছিল বুলিব পাৰি । ৰাজধানী :—সেই সময়ত মগধৰাজ্যই সকলোতকৈ সমৃদ্ধি- শালী আৰু প্ৰতাপী আছিল। ৰাজধানী পাটলীপুত্র শোণ আৰু গঙ্গা নৈৰ সঙ্গমত আছিল। এই নগৰ দীঘলে ৯ মাইল আৰু বহলে ডেৰ মাইল আছিল। নগৰৰ চাৰিওফালে এটা ডাঙৰ কাঠৰ গড় আছিল। গড়ৰ ৬৪ খন দুৱাৰ, ৫৭০টা স্তম্ভ আছিল আৰু গড়টোৰ চাৰিওফালে পানীৰে ভৰ৷ এটা ডাঙৰ গড়খাৱৈ আছিল। ৰাজকাৰেং কাঠেৰে সজা হলেও চালে চকু ৰোৱা আছিল। ৰাজধানীৰ শাসনকাৰ্য্য সুচাৰুৰূপে পৰিচালনা কৰাৰ ভাৰ ৩০ জন সভ্যৰে গঠিত এখন সভাৰ