পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অশোক বিন্দুসাৰ ( খৃঃ পূঃ ২৯7–খৃঃ পূঃ 273 বা 272) :- চন্দ্ৰগুপ্তৰ পিছত পুতেক বিন্দুসাৰ খৃঃ পূঃ ২৯৭ মগধৰ ৰাজপাটত উঠে। তেওঁ এজন প্রবল প্রতাপী ৰজা আছিল। গ্ৰীক ৰজাসকলৰ লগত তেওঁৰ মিত্ৰতা অক্ষুণ্ণ আছিল । অশোক (খৃঃ পূঃ ২৭৩ বা ২৭২–খৃঃ পূঃ ২৩২ ) বিন্দুসাৰৰ পিছত তেওঁৰ পুতেক অশোক খৃঃ পূঃ ২৭৩ বা ২৭২ ত মগধৰ ৰাজপাটত উঠে। কথিত আছে যে তেওঁ ডেকা কালত যুদ্ধপ্ৰিয় আছিল। সিংহাসনত উঠাৰ বছৰচেৰেকৰ পিছত খৃঃ পূঃ ২৬১ ত তেওঁ কলিঙ্গ ( উৰিষ্যা) ৰাজ্য আক্ৰমণ কৰিলে । তাত এখন তুমুল যুদ্ধ হয়। এই যুদ্ধত হেজাৰ হেজাৰ মানুহ নিপাত হল। যুদ্ধক্ষেত্র তেজেৰে ৰাঙলি হল। এনে শোকাবহ ঘটনাত যুদ্ধপ্রিয় অশোকৰো মন ঘুৰিল। তেওঁ আৰু ভবিষ্যতলৈ যুঁজ নকৰিবলৈ প্ৰতিজ্ঞা কৰিলে ৷ অলপ দিনৰ পিছত তেওঁ মথুৰাৰ উপগুপ্ত নামেৰে এজন বৌদ্ধগুৰুৰ ওচৰত বৌদ্ধ ধৰ্ম্মৰ দীক্ষা লয়। অশোকে বৌদ্ধ ধৰ্ম্মত দীক্ষিত হৈ অহিংসাৰ বাণী প্ৰচাৰ কৰা তেওঁৰ জীৱনৰ ব্ৰত কৰিলে । বৌদ্ধধৰ্ম্ম প্ৰচাৰ :—অশোকে বৌদ্ধধৰ্ম্ম গ্রহণ কৰি দেশে- বিদেশে বৌদ্ধধৰ্ম্ম প্ৰচাৰ কৰা কাৰ্য্যত মনোনিবেশ কৰিলে। বৌদ্ধ ধৰ্ম্ম প্ৰচাৰ কৰিবলৈ ভাৰতবৰ্ষৰ ওচৰ চুবুৰীয়া দেশবোৰলৈ ধৰ্ম্ম- প্ৰচাৰক পঠালে ৷ ধৰ্ম্মপ্ৰচাৰৰ কাৰণে পুতেক ( কোনো কোনোৰ