পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তম অধ্যায়। মৌর্য সাম্রাজ্য। চন্দ্রগুপ্ত মৌর্য্য :– চন্দ্ৰগুপ্ত মৌৰ্য্য বংশৰ সন্তান। গুপ্তৰ লৰাকালৰ বিষয়ে বৰবেছি একো জনা নাযায়। মহাবীৰ আলেক্‌জেণ্ডাৰ মৃত্যুৰ বাতৰি ভাৰত পোৱাৰ পিছতে চন্দ্ৰগুপ্তই গ্ৰীক বিলাকক পৰাজয় কৰি পঞ্জাৱ অধিকাৰ কৰে (খৃঃ পূঃ ৩২১)। চন্দ্রগুপ্তই গ্রীক বিলাকক খেদি তাৰ পিছত চাণক্য নামে এজন বিচক্ষণ কুটনীতিজ্ঞ পণ্ডিতৰ সহায়ত মগধৰ নন্দবংশৰ শেষ ৰজাক পৰাস্ত কৰি মগধ অধিকাৰ কৰে। আলেক্‌জেণ্ডাৰৰ মৃত্যুৰ পিছত তেওঁৰ ৰাজ্য সেনাপতি সকলে ভগাই লয় ৷ পশ্চিম-এচিয়াৰ গ্ৰীক ৰাজ্য সমূহ চেলুকচৰ ভাগত পৰে ৷ ভাৰতবৰ্ষত থক৷ গ্ৰীক ৰাজ্য সমূহ উদ্ধাৰ কৰিবৰ আশাত চেলুকচে চন্দ্ৰগুপ্তৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। এই যুদ্ধত সম্ভবতঃ চেলুকচ শোচনীয় ভাবে পৰাজিত হৈছিল। সন্ধিমতে চেলুকচে চন্দ্ৰগুপ্তক পঞ্জাৱ, আফগানিস্থান, কান্দাহাৰ এৰি দিয়াৰ উপৰিও নিজৰ জীয়েকক চন্দ্রগুপ্তলৈ বিয়া দিয়ে। চেলুকচে চন্দ্ৰগুপ্তৰ লগত বন্ধুত্ব স্থাপন কৰি তেওঁৰ ৰাজসভালৈ মেগেস্থিনিচ নামে এজন দূত পঠায় 1 এইভাবে উত্তৰ ভাৰতত চন্দ্ৰগুপ্ত একছত্রী সম্রাট হল। পাশ্চমে সৌৰাষ্ট্ৰ আৰু সম্ভবতঃ দক্ষিণে মহীশূৰ পৰ্য্যন্ত চন্দ্ৰগুপ্তৰ সাম্রাজ্য বিস্তৃত হৈছিল ।