পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী আগত পৰি ছেদেলিভেদেলি হল। আলেকজেণ্ডাৰ জয়ী হৈ গুৰুক বন্দী কৰে। পুৰুক আলেকজেণ্ডাৰৰ ওচৰলৈ অনোৱা হল। ওঁদেখা মাত্রেই গ্ৰীক ৰজাই সুধিলে “পুৰু, আপোনাক এতিয়া কেনে ব্যৱহাৰ কৰিব লাগে ?” পুৰুৱে গহীনাই উত্তৰ দিলে, “ৰজাৰ দৰে।” তেওঁৰ বীৰোচিত উত্তৰ শুনি মহাবীৰ আলেকজেণ্ডাৰে তেওঁৰ ৰাজ্য পুনৰ ঘূৰাই দি তেওঁৰ লগত বন্ধুত্ব স্থাপন কৰিলে (খৃঃ পূঃ ৩২৬ ) । পুৰুৰ লগত সন্ধি স্থাপন কৰাৰ পিছত তেওঁ পুনৰ কেইবাখনো ৰাজ্য জয় কৰি বিপাশা নৈৰ পাৰ পালেহি। তাৰ পৰা তেওঁৰ সৈন্যবোৰে আৰু আগ বাঢ়িবলৈ ইচ্ছা নকৰিলে ৷ সকলোৱেই ঘৰলৈ উলটিবলৈ মন কৰিলে৷ আলেক্‌জেণ্ডাৰৰ কিন্তু গোটেই ভাৰতবৰ্ষ জয় কৰিবৰ মন আছিল । তেওঁৰ সৈন্য দুভাগ হৈ এভাগ সাগৰেদি আৰু আন ভাগ বামেদি ঘৰমুৱা হয়৷ তেওঁ খৃঃ পূঃ ৩২৪ ত পাৰ্যৰ চুচা নগৰ পায়গৈ। সেইখিনি পাই তেওঁ আকৌ দিগ্বিজয় কৰিবলৈ মন মেলে। এনেতে তেওঁ শকত নৰিয়াত পৰে আৰু ৩১ বছৰ বয়সত খৃঃ পূঃ ৩২৩ ত তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পিছত তেওঁ জয় কৰা ৰাজ্যবোৰ সেনাপতিসকলে ভগাই লয়। চিৰিয়া, বেক্‌টিয়া আৰু ভাৰতৰ গ্ৰীক ৰাজ্যবোৰ চেলুচ নিকেতৰৰ ভাগত পৰে ৷ আলেজেণ্ডাৰৰ আক্ৰমণৰ ফলাফল:—গ্রীকৃবিলাক ভাৰতলৈ অহাত, যদিও ভাৰতৰ পূৰাব নোৱাৰা ক্ষতি হল, আনপিনে উভয় জাতিৰে বহুত উপকাৰো হল। এই