পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী তেওঁৰ মতে মনুষ্য জীৱনত সুখতকৈ দুখৰ ভাগহে বেছি। সজ কাম, সজ চিন্তা, সকলো জীৱৰ প্ৰতি দয়া, পৰোপকাৰ, 36 বুদ্ধদেব । অহিংস৷ আদিৰ দ্বাৰা মানুহে দুখ কষ্টৰ পৰা হাত সাৰি মুক্তি লাভ কৰিব পাৰে । তেওঁ কয় যে হিন্দু সন্ন্যাসীসকলৰ দৰে আহাৰ, বস্ত্ৰ, নিদ্ৰা এৰি কঠোৰ তপস্যা কৰিবৰ সকাম নাই ; আকৌ আন পিনে ভোগ-বিলাস, বিষয়-বাসনাত বৰকৈ আসক্ত থকাও মিছা। সংসাৰত থাকি নিয়মিতৰূপে চলি মনুষ্য জাতিৰ উপকাৰ সাধি আৰু জীৱহিংসা নকৰি চলাটোহে জীৱনৰ মূল উদ্দেশ্য ।