পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বেদ্ধ আৰু জৈন ধৰ্ম্ম Vid ধৰ্ম্ম প্ৰচাৰঃ — বিহাৰৰ অৰণ্যত তেওঁ সন্ন্যাসীৰ বেশেৰে অভীষ্ট সিদ্ধিৰ হকে ফুৰিবলৈ ধৰিলে। পিছত গয়াৰ ওচৰত উৰুবিশ্ব গাৱঁত কঠোৰ ব্ৰত আৰম্ভ কৰি দেখিলে যে, তেনেকৈ কষ্ট কৰিলেই ধৰ্ম্মৰ সন্ধান পোৱ৷ নাযায়। পিছত নিৰঞ্জন ( ফল্গু ) নৈত স্নান কৰি আজিকালি য’ত বুদ্ধগয়া মন্দিৰ আছে, সেই ঠাইত এজোপা বৰ গছৰ তলত তপস্যাত নিমগ্ন হয়। এই তপস্যাৰ ফলত তেওঁ দিব্যজ্ঞান লাভ কৰিলে । জ্ঞান পোৱাত তেওঁ বুদ্ধ অর্থাৎ জ্ঞানী নামে জনাজাত হল আৰু তেওঁ প্ৰচাৰ কৰা ধৰ্ম্মৰ নাম হল বৌদ্ধ ধৰ্ম্ম। তেওঁ পিছত কাশীৰ ওচৰৰ সাৰনাথলৈ গৈ ধৰ্ম্ম প্ৰচাৰ কৰিলে । ইয়াৰ পিছত তেওঁ ৰাজগৃহৰ ফাললৈ যায়। বাপেক, ঘৈণীয়েক, মাহীয়েক, পুতেক আৰু বহুতেই তেওঁৰ ধৰ্ম্ম গ্ৰহণ কৰিলেহি। এইদৰে তেওঁ ঠায়ে ঠায়ে চল্লিশ বছৰ কাল ধৰ্ম্ম প্ৰচাৰ কৰি কুশিনগৰ ( গোৰখপুৰ জিলাৰ কাশীয়া ) পায়গৈ। তাতে আশী বছৰ বয়সত (খৃঃ পূঃ ৪৮৩ বা ৪৮৬) তেওঁ নশ্বৰ দেহ ত্যাগ 39 বৌদ্ধ ধৰ্ম্মৰ মতঃ—মৰম-স্নেহ, পৰোপকাৰ, অহিংসা, সত্যতা আৰু ইন্দ্ৰিয়জয়—এই কেইটাই বৌদ্ধ ধৰ্ম্মৰ মূল মন্ত্ৰ৷ তেওঁৰ ধৰ্ম্মত জাতিভেদ নাই। সকলোৱে তেওঁৰ ধৰ্ম্ম লব পাৰিছিল। তেওঁৰ মতে পৱিত্ৰ জীৱন যাপন কৰিব পাৰিলে সকলোৱে নিৰ্বৰ্ব্বাণ অর্থাৎ মুক্তি লাভ কৰিব পাৰে। তেওঁ কৰ্ম্মফল আৰু পুনর্জন্মত বিশ্বাস কৰে ; তেওঁৰ মতে বর্ত্তমান জীৱনৰ সুখ-দুখ পূর্ববজন্মৰ কৰ্ম্মফল।