ধৰ্ম্ম প্ৰচাৰঃ — বিহাৰৰ অৰণ্যত তেওঁ সন্ন্যাসীৰ বেশেৰে অভীষ্ট সিদ্ধিৰ হকে ফুৰিবলৈ ধৰিলে। পিছত গয়াৰ ওচৰত উৰুবিল্ব গাৱঁত কঠোৰ ব্ৰত আৰম্ভ কৰি দেখিলে যে, তেনেকৈ কষ্ট কৰিলেই ধৰ্ম্মৰ সন্ধান পোৱ৷ নাযায়। পিছত নিৰঞ্জন ( ফল্গু ) নৈত স্নান কৰি আজিকালি য’ত বুদ্ধগয়া মন্দিৰ আছে, সেই ঠাইত এজোপা বৰ গছৰ তলত তপস্যাত নিমগ্ন হয়। এই তপস্যাৰ ফলত তেওঁ দিব্যজ্ঞান লাভ কৰিলে। জ্ঞান পোৱাত তেওঁ বুদ্ধ অৰ্থাৎ জ্ঞানী নামে জনাজাত হল আৰু তেওঁ প্ৰচাৰ কৰা ধৰ্ম্মৰ নাম হল বৌদ্ধ ধৰ্ম্ম। তেওঁ পিছত কাশীৰ ওচৰৰ সাৰনাথলৈ গৈ ধৰ্ম্ম প্ৰচাৰ কৰিলে। ইয়াৰ পিছত তেওঁ ৰাজগৃহৰ ফাললৈ যায়। বাপেক, ঘৈণীয়েক, মাহীয়েক, পুতেক আৰু বহুতেই তেওঁৰ ধৰ্ম্ম গ্ৰহণ কৰিলেহি। এইদৰে তেওঁ ঠায়ে ঠায়ে চল্লিশ বছৰ কাল ধৰ্ম্ম প্ৰচাৰ কৰি কুশিনগৰ ( গোৰখপুৰ জিলাৰ কাশীয়া ) পায়গৈ। তাতে আশী বছৰ বয়সত (খৃঃ পূঃ ৪৮৩ বা ৪৮৬) তেওঁ নশ্বৰ দেহ ত্যাগ কৰে।
বৌদ্ধ ধৰ্ম্মৰ মতঃ—মৰম-স্নেহ, পৰোপকাৰ, অহিংসা, সত্যতা আৰু ইন্দ্ৰিয়জয়— এই কেইটাই বৌদ্ধ ধৰ্ম্মৰ মূল মন্ত্ৰ৷ তেওঁৰ ধৰ্ম্মত জাতিভেদ নাই। সকলোৱে তেওঁৰ ধৰ্ম্ম লব পাৰিছিল। তেওঁৰ মতে পৱিত্ৰ জীৱন যাপন কৰিব পাৰিলে সকলোৱে নিৰ্ব্বাণ অৰ্থাৎ মুক্তি লাভ কৰিব পাৰে। তেওঁ কৰ্ম্মফল আৰু পুনৰ্জন্মত বিশ্বাস কৰে; তেওঁৰ মতে বৰ্ত্তমান জীৱনৰ সুখ-দুখ পূৰ্ববজন্মৰ কৰ্ম্মফল।