পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৌদ্ধ আৰু জৈন ধৰ্ম্ম 3 মহাবীৰ :—বুদ্ধৰ সময়তে উত্তৰ বিহাৰৰ বৈশালী নগৰত ( বৰ্ত্তমান মজঃফৰপুৰ জিলাৰ অন্তৰ্গত বসাৰ নামৰ গাৱঁত ) মহাবীৰ নামে আৰু এজন ধৰ্ম্মগুৰুৰ আবির্ভাব হৈছিল ৷ বুদ্ধৰ দৰে তেওঁ ক্ষত্ৰিয় ৰজাৰ সন্তান আছিল । তেওঁৰ আচল নাম বৰ্দ্ধমান আছিল। তেওঁ ২৯ বছৰ বয়সত সংসাৰৰ ভোগ-বিলাস এৰি পাৰ্শ্বনাথ নামে এজন মহাপুৰুষ প্রতিষ্ঠিত সম্প্রদায়ত ভুক্ত হয়গৈ। ইয়াৰ পিছত ১২ বছৰ কাল কঠোৰ তপস্যা কৰি পৰম জ্ঞান লাভ কৰি তেওঁ জিন অর্থাৎ জয়ী হৈ মহাবীৰ নামে জনাজাত হল। তেওঁৰ ধৰ্ম্ম জৈন ধৰ্ম্ম নামে পৰিচিত হয়। আজিকালি ৰাজপুতনা, মেৱাৰ, কলিকতা, বোম্বাই আদি ঠাইত জৈন ধৰ্ম্মাৱলম্বী লোক বহুত আছে। কলিকতাৰ প্ৰসিদ্ধ পৰেশনাথ মন্দিৰ জৈন- বিলাকৰ এটি অতি বিতোপন মন্দিৰ। এই মন্দিৰে নানা ঠাইৰ শ শ দৰ্শকৰ মন আকর্ষণ কৰে ৷ কিছুকাল ধৰ্ম্মপ্ৰচাৰ কৰাৰ পিছত দক্ষিণ-বিহাৰৰ পাৱা (পাটনা জিলাৰ পৰা ৬ মাইল দূৰত ) নামে ঠাইত আনুমানিক খৃঃ পূঃ ৫২৭ ত তেওঁ পৰলোক প্রাপ্ত হয়। পৱিত্ৰতা, সত্যবাদিতা, জীৱহিংসা নকৰা, দয়া তেওঁৰ ধৰ্ম্মৰ মূল মত ৷ masinsensiss