পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম অধ্যায়। বৌদ্ধ আৰু জৈন ধর্ম্ম। বুদ্ধঃ—নেপালৰ দক্ষিণে ৰোহিণী নৈৰ পাৰত হিমালয় পর্ববতৰ কাষত কপিলবস্তু নামে এখন সৰু ৰাজ্য আছিল। তাত শুদ্ধোধন নামেৰে শাক্যবংশৰ এজন পৰাক্ৰমী ৰজাই ৰাজত্ব কৰিছিল৷ তেওঁৰ পত্নী মায়াদেবীৰ গৰ্ভত এটি পুত্ৰ হয় ৷ তেওঁৰ নাম সিদ্ধাৰ্থ থোৱা হয় । সৰুতে মাতৃ বিয়োগ হোৱাত মাহী মাক গৌতমীয়ে তেওঁক তুলি-তালি ডাঙৰ দীঘল কৰে বাবে তেওঁক গৌতমো বোলে লৰাকাল ঃ—তেওঁ সৰুৰে পৰা চিন্তাশীল আছিল আৰু বয়সৰ লগে লগে এই ভাব বেছি হৈ আহিবলৈ ধৰিলে ৷ ৰাজকোৱঁৰৰ এনে ভাব দেখি ৰজা বিবুদ্ধি হল। বিয়াৰ পিছত তেওঁৰ মন ঘূৰিব পাৰে বুলি ভাবি বাপেকে তেওঁলৈ যশোধৰ৷ নামে এজনী সুন্দৰী দীপলিপ ৰাজকন্যা বিয়া কৰাই দিয়ে আৰু তেওঁক ভোগ-বিলাসৰ মাজত ৰাখিবলৈ দিহা কৰে ৷ সংসাৰ ত্যাগ ঃ— সংসাৰৰ ভোগ-বাসনা, বিলাসিতাই তেওঁৰ মন ঘূৰাব নোৱাৰিলে ৷ চিন্তাশীল মনক সংসাৰৰ জৰা, ৰোগ, মৃত্যু আদিয়ে আৰু বেছিকৈ হে টলালে । সংসাৰৰ এনেতে তেওঁৰ এটি পুত্ৰ জন্ম হয়। মায়াত – বান্ধ খোৱাৰ ভয় পাই তেওঁ ৰাজ্য, পুত্ৰভাৰ্য্যা সকলো এৰি এদিন মাজ ৰাতি হাতত সাৰে ভৰিত সাৰে বনলৈ গল । 18mm WEZA