পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাকাব্যৰ যুগ পায়। পাণ্ডুন পাঁচজন পুতেক আৰু ধৃতৰাষ্ট্ৰৰ এশ পুত্ৰ আছিল । পাণ্ডুৰ পুতেক সকলক পাণ্ডৱ আৰু ধৃতৰাষ্ট্ৰৰ পুতেক সকলক কুরুবংশৰ পৰা উদ্ভৱ হোৱা কাৰণে কৌৰৱ বোলা হৈছিল। পঞ্চপাণ্ডৱ বৰ ধাম্মিক কিন্তু কৌৰৱবিলাক বৰ দুৰ্দ্দান্ত আছিল। পাণ্ডুৰ মৃত্যুৰ পিছত তেওঁৰ বৰ পুত্ৰ মুধিষ্ঠিৰ ৰাজপাটত উঠে। এই কথাত ধৃতৰাষ্ট্ৰৰ পুত্ৰ দুৰ্য্যোধনৰ চকুৰ পোৰণি উঠিল । তেওঁ পাণ্ডৱসকলৰ অপকাৰ কৰিবলৈ বহুত চেষ্টা কৰিছিল; কিন্তু বিফল হয়। খিয়লীয়৷ দুৰ্য্যোধনে শকুনিৰ কু-পৰামৰ্শ মতে পাশা খেলত পঞ্চ পাণ্ডৱক হকৱাই ৰাজ্য কাঢ়ি লয় আৰু পাণ্ডৱ- সকলে ১৩ বছৰ বনবাস খাতিব লগা হয়। বনৰপৰা ঘূৰি আহি পাশাৰ পণ অনুসৰি পাণ্ডৱসকলে দুৰ্য্যোধনৰ ওচৰত পুনৰ ৰাজ্য বিচাৰিলে; কিন্তু দুৰ্য্যোধনে বিনা যুদ্ধে ৰাজ্য দিবলৈ মান্তি নহল; বৰঞ্চ তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ হে ঘোষণা কৰিলে। এই যুদ্ধ বিখ্যাত কুৰুক্ষেত্ৰত একেৰাহে ১৮ দিন লাগিছিল। কৌৰৱৰ বিখ্যাত সেনাপতি ভীষ্ম, দ্রোণ, কর্ণ, শল্য আদি বীৰ- সকলে ৰণত প্ৰাণ এৰিলে। এই যুদ্ধত কুরুবংশ সমূলে ধ্বংস পালে। পাণ্ডৱসকলে জয়ী হৈ গোটেই ৰাজ্য লাভ কৰে। 30 প্রশ্ন। (১) ভাৰতৰ আদিমবাসীবোৰৰ নাম কোৱা। কোন কোন ঠাইত এতিয়াও সিহঁতৰ নাতি-পুতি পোৱা যায় ? (২) আৰ্যসকলৰ দিনত তিৰোতাই সমাজত কেনে স্থান অধিকাৰ কৰিছিল ? (৩) আৰ্যসকলৰ ৰাজনীতি কেনে ধৰণৰ আছিল ? (৪) জাতি-ভেদ কেনেকৈ সৃষ্টি হল ?