সমললৈ যাওক

পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চতুৰ্থ অধ্যায়।
মহাকাব্যৰ যুগ।

 ৰামায়ণ আৰু মহাভাৰত অতীজৰ দুখন মহাকাব্য। ৰামায়ণ আদিকবি মহৰ্ষি বাল্মীকিৰ দ্বাৰা ৰচিত আৰু মহাভাৰত ৰচয়িতাৰ নাম বেদব্যাস। এই মহাকাব্য দুখনত প্ৰাচীন আৰ্য্যসকলৰ ধৰ্ম্ম, সমাজ, আচাৰ-ব্যৱহাৰ, নিয়ম-পদ্ধতি, ৰাজনীতি সমৰ-নীতি আৰু শৌৰ্য-বীৰ্য্যৰ অনেক কথা পোৱা যায়।

 ৰামায়ণঃ—দশৰথ ইক্ষাকু-বংশৰ এজন ক্ষমতাশালী ৰজা আছিল। বুঢ়া কালত ৰজাই বৰ পুতেক ৰামক যুৱৰাজ পাতিব খুজিছিল; কিন্তু মাহীমাক কৈকেয়ীৰ মন্ত্ৰণাত সেই কাম হৈ নুঠিল। দশৰথৰ পৰা পাবলগা বৰ লৈ কৈকেয়ীয়ে ৰামক বনলৈ পঠালে। ৰামে ভায়েক লক্ষ্মণ আৰু ভাৰ্য্যা সীতাৰে সৈতে গৈ দণ্ডকাৰণ্যত বাস কৰিছিল। এনেতে লঙ্কাৰ অবিবেচক ৰজা ৰাৱণে সীতাক হৰণ কৰি লঙ্কালৈ লৈ গল। সীতা উদ্ধাৰৰ অৰ্থে ৰামে অনাৰ্য্যৰ ৰজা সুগ্ৰীব আৰু তেওঁৰ লগৰীয়া নল, হনুমানৰ সহায় লয়। তেওঁলোকৰ সহায়ত ৰামে ভায়েক বিভীষণৰ বাহিৰে লঙ্কাৰ ৰাৱণক সবংশে ধ্বংস কৰি সীতাক উদ্ধাৰ কৰি অযোধ্যালৈ উভতি আহি মহাসমাৰোহেৰে ৰাজপাটত উঠিল। ৰাম এজন ধৰ্ম্মনিষ্ঠ, সত্যবাদী, প্ৰজাৰঞ্জক আৰু প্ৰজাহিতকৰ ৰজা আছিল।

 মহাভাৰতঃ—মহাভাৰতত কুৰু-পাণ্ডৱৰ মাজত লগা যুঁজৰ কাহিনী বৰ্ণোৱা আছে। ধৃতৰাষ্ট্ৰ আৰু পাণ্ডু দুয়ো ককাই-ভাই আছিল। ধৃতৰাষ্ট্ৰ জন্মান্ধ হোৱাৰ গতিকে ভায়েক পাণ্ডুৱে ৰাজ্য