পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আৰ্যসকল কালক্রমে কৃষ্ণ দ্বৈপায়ন নামে এজন মহর্ষিয়ে এই মন্ত্রবিলাক ভাগে ভাগে গোটাই চাৰিখন বেদ ৰচনা কৰে। ঋগ্ বেদেই আৰ্য্য বিলাকৰ আদি ধৰ্ম্মপুথি। আৰ্য সকলে পঞ্জাৱত বসতি কৰা সময়ত এই বেদ ৰচনা কৰা হৈছিল। এই বেদৰ পৰা আৰ্য্য বিলাকৰ আচাৰ-ব্যৱহাৰ, ধৰ্ম্ম, সমাজ, খেতি বাতি, বেহা-বেপাৰৰ বিষয়ে জানিব পাৰি। বাকী বেদ কেইখন ঋগবেদৰে অংশ। গঢ্য ভাগৰ নাম ব্ৰাহ্মণৰদৰে সূত্ৰ বেদবোৰ গদ্য আৰু পদ্যৰে ৰচিত । ব্রাহ্মণ ; ইয়াত যাগ-যজ্ঞৰ নির্দেশ আছে। বিলাকতো যাগ-যজ্ঞৰ নিয়ম বোৰ চমুৱাই লিখা আছে। আৰণ্যক আৰু ·উপনিষদ — আৰণ্যক আৰু উপনিবদে৷ G ধৰ্ম্মপুথি৷ আৰণ্যক বনবাসী ঋষি সকলৰ উদ্দেশ্যে লিখা পুথি ; উপনিষদত আৰণ্যকৰ সাৰাংশখিনি আছে। ইয়াত আৰ্য্য সকলৰ গভীৰ চিন্তামূলক ভাববোৰ পোৱা যায়। বেদ বিলাক শুদ্ধকৈ পঢ়া, বুজা আৰু যাগ-যজ্ঞাদিৰ কাৰ্য্য নিয়ম লগাই সমাধা কৰাৰ নিৰ্দ্ৰ্দেশ বেদাঙ্গ বিলাকত পোৱা যায় ৷