পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী নাছিল। একেজনেই সময়মতে বেলেগ বেলেগ কাম কৰিছিল। এনেকৈ চলাত পিছলৈ সকলো কামত বেমেজালি হোৱাত তেওঁলোকে মানুহৰ ৰুচি আৰু সামর্থ অনুযায়ী কামৰ ভাগ কৰি দিয়ে। এই দৰেই তেওঁলোকৰ মাজত জাতি ভেদৰ সৃষ্টি হল । ১২ ধি সকলক যাগ-যজ্ঞ আৰু পূজা-পাটল কৰিবলৈ দিয়া হল তেওঁলোকক ব্রাহ্মণ নাম দিয়া হল। যুদ্ধ-প্রিয় সকলক যুদ্ধ কাৰ্য্যত লগোৱা হল আৰু তেওঁলোকে ক্ষত্রিয় নাম পালে । শস্য উৎপন্ন কৰিবলৈ আৰু বেহা-বেপাৰ চলাবলৈ আন এটা ভাগৰ সৃষ্টি হল। তেওঁলোক বৈশ্য শ্ৰেণীত পৰিল । যি সকল অনার্য্যই আৰ্য্যসকলৰ আশ্ৰয় ললেহি তেওঁলোকে শূদ্র নাম পালে৷ ইয়াৰ পৰা ভাৰতবৰ্ষত জাতিভেদ আৰম্ভ হল। এই বিভাগ চাৰিটা আদিতে গুণ অনুসাৰে ভগোৱা হৈছিল, আজি কালিৰ দৰে জন্মগত নাছিল । সাহিত্য :—আৰ্য্য বিলাকৰ আদি ধৰ্ম্মপুথিৰ নাম বেদ। বেদৰ অৰ্থ জ্ঞান৷ সকলো হিন্দুৱে বেদক স্বয়ং ভগবানৰ বাণী বুলি ভাবে। বেদ চাৰিখন :—ঋগ্‌বেদ, যজুর্ব্বেদ, সামবেদ আৰু অথৰ্ব্ব- বেদ। আর্য্য বিলাকে আদিতে লিখিব নাজানিছিল। আর্য- ঋষি সকলে বেলেগ বেলেগ দেৱতাৰ স্তুতি কৰিছিল আৰু বেদৰ স্তোত্র বিলাক মুখে মুখে লৰাছোৱালীক শিকাইছিল । পুৰুষানুক্রমে বেদৰ স্তোত্র বিলাক মুখে মুখে চলি আহিছিল ।